কোকৰাঝাৰ, ৭ আগষ্ট :কোচ ৰাজবংশীৰ দীৰ্ঘদিনীয়া দাবী "জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য" ৰ সন্দৰ্ভত বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কেৱল প্ৰতাৰণা কৰি আহিছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মনে ৷ শুকুৰবাৰে কোকৰাঝাৰৰ ভোটগাঁৱত কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত ভাগ লৈ বিজেপি নেতৃত্বাধীন চৰকাৰক কঠোৰ ভাবে সমালোচনা কৰে আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মনে ৷
উপদেষ্টাগৰাকীয়ে উল্লেখ কৰে যে, বিজেপিয়ে কেৱল নিজৰ লাভালাভৰ বাবে নিৰ্বাচনৰ সময়ত ৰাজবংশী জাতিক জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ ইছ্যুক লৈ ৰাজনীতিকৰণ কৰি আহিছে ৷ বিজেপিৰ শাসনত থকা ৰাজ্য চৰকাৰৰ ম্যাদ শেষ হ’বলৈ কেৱল কেইটামান মাহহে বাকী আছে ৷ আনফালে কেন্দ্ৰত ছয় বছৰ শাসনত আছে দলটো, কিন্তু আজিলৈ জনজাতিকৰণৰ নামত একো কাম কৰা দেখা নাই বুলি অভিযোগ তোলে বৰ্মনে ৷ অহা ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ সময়ত ইয়াৰ প্ৰত্যুত্তৰ দিবৰ বাবে কোচ ৰাজবংশী জনগোষ্ঠীয়ে টঙালি বান্ধিছে বুলি হুংকাৰ দিয়ে হিতেশ্বৰ বৰ্মনে ৷