অসম

assam

ETV Bharat / state

কোকৰাঝাৰত ভূমি পট্টাৰ নামত উৎকোচ সংগ্ৰহৰ অভিযোগ - কোকৰাঝাৰ,

বনাঞ্চল আইনৰ সজাগতা সভাৰ জৰিয়তে ধন লুণ্ঠনৰ অভিযোগ

কোকৰাঝাৰত ভূমি পট্টা দিয়াৰ নামত উৎকোচ সংগ্ৰহৰ অভিযোগ

By

Published : Feb 27, 2019, 10:35 PM IST

কোকৰাঝাৰ,২৭ ফেব্ৰুৱাৰীঃ ভূমি আইনৰ অধীনত জনজাতীয় লোকসকলক চৰকাৰে মাটিৰ পট্টা দিয়াৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়ছোৱাতে কোকৰাঝাৰৰ বনাঞ্চলত বাস কৰা জনজাতি লোককপৰা ভূমিৰ পট্টা দিয়াৰ নামত লাখ লাখ টকা উৎকোচ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

কোকৰাঝাৰত ভূমি পট্টা দিয়াৰ নামত উৎকোচ সংগ্ৰহৰ অভিযোগ
উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ ৬ নং বাশবাৰীৰ বনগাঁৱত বুধবাৰে " বনাঞ্চলৰ আইন "শীৰ্ষক এক সজাগতা সভাত মাটিৰ পট্টা দিয়াৰ অজুঁহাতত বিঘাই প্ৰতি উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ তুলিছে একাংশ ৰাইজে৷ অৱশ্যে এই দুষ্ট চক্ৰটোৱে মাটিৰ পট্টা দিয়াৰ নামত লাখ লাখ টকা গ্ৰামসভা আৰু ফৰেষ্ট ৰাইট সমিতিৰ যোগেদি সংগ্ৰহ কৰি থকা অভিযোগ কৰিছে ভুক্তভুগীয়ে ৷

কোকৰাঝাৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু 'নেৰছন' নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ৰাইজক সজাগ কৰা ৬ নং বাশবাৰী বনগাঁৱতৰ প্ৰাথমিক বিদ্যালয় চৌহদত বন আইন শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ কোকৰাঝাৰ সচিব বিদ্যুত মেধিয়ে বনাঞ্চলত বসবাস কৰা জনজাতি লোকৰ অধিকাৰ আৰু প্ৰাপ্ত সুবিধাৰ বিস্তৃত ব্যাখ্যা দাঙি ধৰি বন আইন সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰে ৷


একেদৰে 'নেৰছন' স্বেচ্ছাসেৱী সংগঠনৰ সহ সমন্বয়ক দৈদেন ব্ৰহ্ম আৰু সমল ব্যক্তি হিচাপে হিৰণ্য কুমাৰ বসুমতাৰীয়েও বন আইনৰ অধীনত বন অধিবাসী সকলক বন্যপ্ৰাণী আৰু গছ গছনি সংৰক্ষণৰ ওপৰত পৰামৰ্শ আগবঢ়ায় ৷

ABOUT THE AUTHOR

...view details