অসম

assam

ETV Bharat / state

কাৰাবন্দী এনডিএফবিৰ নেতা-সদস্যক মুকলিৰ আহ্বান এবছুৰ - NDFB cadre in Jail

বিটিআৰ চুক্তিৰ দফা ৰূপায়ণ(Implementation of BTR Act) আৰু প্ৰাক্তন এনডিএফবিৰ পুনৰ সংস্থাপনক লৈ এবছুৰ উদ্যোগত কোকৰাঝাৰত বিশেষ আলোচনা সভা । ৰঞ্জন দৈমাৰীসহ সকলো কাৰাবন্দী এনডিএফবিৰ নেতা-সদস্যক জে'লৰ পৰা মুকলি কৰি দিয়াৰ আহ্বান এবছুৰ ৷

Implementation of BTR Act
কাৰাবন্দী এনডিএফবিৰ নেতা-সদস্যক মুকলিৰ আহ্বান

By

Published : Jun 11, 2022, 10:21 PM IST

কোকৰাঝাৰ, ১১ জুন: বিটিআৰ চুক্তিৰ দফা ৰূপায়ণ আৰু প্ৰাক্তন এনডিএফবিৰ পুনৰ সংস্থাপনক লৈ শনিবাৰে এক বিশেষ আলোচনা সভা অনুষ্ঠিত হয় ৷ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ(All Bodo Students Union) উদ্যোগত কোকৰাঝাৰ বানিজ্যিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বিশেষ আলোচনা সভা ৷ উক্ত আলোচনাত বিটিআৰ চুক্তিৰ দফা ৰূপায়ণৰ(Implementation of BTR Act) লগতে এনডিএফবিৰ সদস্যসকলৰ পুনৰ সংস্থাপনৰ(Rehabilitation of NDFB members) বিষয়টো পুংখানুপুংখভাৱে আলোচিত হয় ।

বিটিআৰ চুক্তিৰ দ্বাৰা বৰ্তমানলৈকে এনডিএফবিৰ সৰ্বমুঠ ৪,২০৩ গৰাকী কেডাৰ সংস্থাপিত হৈছে আৰু অদ্যপি ৩ হেজাৰ এনডিএফবি কেডাৰ সংস্থাপিত হ’বলৈ বাকী আছে । এনডিএফবি সদস্যৰ ওপৰত থকা ২,০১৮ টা গোচৰৰ ভিতৰত বৰ্তমানলৈকে ২৭৪ টা গোচৰ নিষ্পত্তি কৰা হৈছে ।

কাৰাবন্দী এনডিএফবিৰ নেতা-সদস্যক মুকলিৰ আহ্বান

আনহাতে বিশেষ আলোচনা সভাত এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীসহ ৯১ গৰাকী নেতা-সদস্য বৰ্তমানেও জে'লত থাকিবলগীয়া হোৱা বিষয়টোৰ ওপৰত আলোকপাত কৰা হয় । ইয়াৰে অসমত ৰঞ্জন দৈমাৰীসহ ৭৪ জন, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত দুজন, ৰাজ্যৰ বাহিৰত ১৫ জন কাৰাবন্দী হৈ থকাৰ তথ্য সদৰি কৰিছে (NDFB cadre in Jail)৷

বিশেষ আলোচনাত উপস্থিত থাকি এবছুৰ সভাপতি দ্বীপেন বড়োৱে কয় যে বিটিআৰ চুক্তিয়ে দুটা বছৰ অতিক্ৰম কৰিলে আৰু বৰ্তমানলৈকে প্ৰায় ৬০ শতাংশ চুক্তিৰ কাম ৰূপায়ণ হৈছে । ৰঞ্জন দৈমাৰীসহ সকলো কাৰাবন্দী এনডিএফবিৰ নেতা-সদস্যক মুকলি কৰি দিবলৈ আৰু এনডিএফবিৰ বিৰুদ্ধে থকা সকলো গোচৰ প্ৰত্যাহাৰ/ নিষ্পত্তিকৰণৰ আহ্বান জনাই দ্বীপেন বড়োৱে ২০২৪ চনৰ ভিতৰত চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ হ’ব বুলি আশা প্ৰকাশ কৰে ৷

সময়মতে বিটিআৰ চুক্তিৰ বাকী থকা দফাসমূহ ৰূপায়ণ নহ’লে বড়ো জনগোষ্ঠীয়ে বিকল্প চিন্তা কৰিবলৈ বাধ্য হ’ব বুলি মন্তব্য কৰিছে এবছুৰ সভাপতিগৰাকীয়ে ৷

শনিবাৰৰ এই বিশেষ আলোচনাত কোকৰাঝাৰ পূব বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী, গোসাইগাঁও সমষ্টিৰ বিধায়ক জিৰন বসুমতাৰী, বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, কাৰ্যবাহী সদস্য ৰঞ্জিৎ বসুমতাৰী, উকীল মুছাহাৰী, পাৰিষদ এচ সানজাৰাং, সঞ্জয় স্বৰ্গয়াৰী, প্ৰাক্তন এনডিএফবিৰ নেতা বি অনজালু, ধীৰেন বড়ো, বি জাইখলং আৰু বহু বুদ্ধিজীৱী তথা বড়ো জনগোষ্ঠীৰ কেইবাগৰাকী বিশিষ্ট নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক:কংগ্ৰেছত দালালৰাজ চলাৰ অভিযোগ খোদ জিলা উপ-সভাপতিৰ

ABOUT THE AUTHOR

...view details