সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ ত্ৰি-বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন কোকৰাঝাৰ, ১০ ডিচেম্বৰ : দেওবাৰে সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰে কোকৰাঝাৰৰ ভূটীয়াপাৰা খেলপথাৰত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ ত্ৰি-বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন কৰা হয় । অহা ২৭, ২৮ আৰু ২৯ ডিচেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কোকৰাঝাৰৰ ভূটীয়াপাৰা খেলপথাৰত অনুষ্ঠিত কৰা হ'ব নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ত্ৰি-বাৰ্ষিক অধিবেশন ।
এই অধিবেশনক লৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে ৷ এই লাইখুঁটা স্থাপন কাৰ্যসূচীত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লক্ষণ নাথ, সাধাৰণ সম্পাদক অৰবিন্দ নাথ, কহিনুৰ থিয়েটাৰৰ মুখ্য অভিনেতা কৃষ্ণমণি নাথ, বিশিষ্ট সমাজসেৱক মুৰুলীধৰ মেধি, নিৰ্জয় ইছলাৰী আদিকে ধৰি বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে ৷
লগতে এই অনুষ্ঠানত কেইবাশতাধিক যুৱক-যুৱতীসহ স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে । লাইখুঁটা অনুষ্ঠান সম্পন্ন হোৱাৰ পিচতে স্থানীয় নাচনীৰ এটা দলে কাৰ্তিকা নৃত্য প্ৰদৰ্শন কৰে ।
ইপিনে অনুষ্ঠানৰ পিচত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে সংবাদ মাধ্যমৰ আগত কয় যে, অধিবেশনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ৷ এইবাৰৰ অধিবেশনখনে ইতিহাস ৰচিব । সকলো জাতি-জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হ’ব অধিবেশনথলী ।
২৭ ডিচেম্বৰত আৰম্ভ হ’বলগীয়া অধিবেশনৰ দ্বিতীয়দিনা ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীও সংগঠনসমূহৰ নেতৃবৰ্গৰ উপস্থিতিত প্ৰথমখন মুকলি সভা অনুষ্ঠিত হ’ব ৷ আনহাতে দ্বিতীয় দিনা ৰাজনৈতিক নেৰ্তৃবৰ্গৰ উপস্থিতিত দ্বিতীয়খন মুকলি সভা অনুষ্ঠিত কৰা হ'ব । ইয়াৰোপৰি অধিবেশনত একেলগে ৭০০০ নাচনীয়ে নৃত্য প্ৰদৰ্শন কৰাৰ লগতে এক সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰিব ।
এই ত্ৰি-বাৰ্ষিক অধিবেশনতে কেন্দ্ৰীয় কমিটি নতুনকৈ গঠন হোৱাৰ সম্ভাৱনা থকাৰ লগতে অধিবেশনৰ প্ৰতিনিধি সভাত কিছুমান প্ৰস্তাৱ গৃহীত হোৱাৰ সম্ভাৱনা আছে বুলি মত প্ৰকাশ কৰিছে সাধাৰণ সম্পাদক অৰবিন্দ নাথে । সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে কিছু দাবী পূৰণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে ।
লগতে পঢ়ক:চৰকাৰলৈ বাট চাই চকুলো টুকিছে অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালে