কোকৰাঝাৰ, 5 অক্টোবৰ :সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত সোমবাৰে কোকৰাঝাৰ শিশু উদ্যানত ৰূপায়ন কৰা হয় এক অনশন কাৰ্যসূচীৰ । প্ৰতিকুল বৰতকো নেওচি সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথৰ নেৰ্তৃত্বত ৰূপায়ন হোৱা অনশন কাৰ্যসূচীত নাথ যোগী ছাত্ৰ সন্থাৰ অৰ্ধশতাধিক কৰ্মী তথা সমৰ্থকে অংশগ্ৰহণ কৰে । প্ৰতিবাদকাৰীৰ দাবী, শীঘ্ৰে পূৰণ কৰক তেওঁলোকৰ দাবী ৷
প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ ‘জনজাতিকৰণ আমাৰ নায্য দাবী’, ‘জনজাতিকৰণ আমাক লাগিবই’, ‘কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত নাথ যোগীৰ প্ৰতিনিধি অন্তৰ্ভূক্ত কৰক’ ইত্যাদি শ্ল’গানেৰে অনশনথলী উত্তাল কৰি তোলে ৷ প্ৰতিবাদস্থলীৰ পৰাই সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথৰ হুংকাৰ, নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণ, নাথ যোগী জনগোষ্ঠীৰ বাবে উপগ্ৰহীয় স্বায়ত্বশাসন, কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত নাথ যোগী জনগোষ্ঠীৰ প্ৰতিনিধিক অন্তৰ্ভূক্তিকৰণৰ দাবী পূৰণ নোহোৱালৈকে ক্ষান্ত নহয় নাথ যোগী জনগোষ্ঠী ।
ৰাজ্যৰ উপ নিৰ্বাচনৰ পূৰ্বে নাথ যোগী ছাত্ৰ সন্থাৰ দাবী সমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাই সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদকগৰাকীয়ে ৷ অন্যথা ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰে সম্পাদক অৰবিন্দ নাথে ।
লগতে পঢ়ক:পশ্চিমবংগত উদ্ধাৰ অসমৰ অপহৃত দুই যুৱক