অসম

assam

ETV Bharat / state

সদৌ অসম মাদ্ৰাছা কৌমী ছাত্ৰ সন্থাৰ বি টি চি সমিতি গঠন - কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাৰ সমগ্ৰ বি টি চি সমিতীৰ শপত গ্ৰহন অনুষ্ঠিত

কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাৰ সমগ্ৰ বি টি চি সমিতিৰ শপত গ্ৰহণ ৷ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ মাজত শিক্ষা ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে আগবাঢ়িব নতুন সমিতীখন ৷ সংখ্যালঘু সকলৰ উন্নয়নৰ বাবে বিটিচি প্ৰশাসনকো হেঁচা প্ৰয়োগ কৰিব নতুন সমিতিয়ে ৷

সদৌ অসম মাদ্ৰাছা কৌমী ছাত্ৰ সন্থাৰ বি টি চি সমিতি গঠন
সদৌ অসম মাদ্ৰাছা কৌমী ছাত্ৰ সন্থাৰ বি টি চি সমিতি গঠন

By

Published : Sep 17, 2020, 3:43 PM IST

কোকৰাঝাৰ, ১৬ ছেপ্টেম্বৰ :ধৰ্মীয় সংখ্যালঘু লোকসকলৰ মাজত শিক্ষা ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে সদৌ অসম মাদ্ৰাছা কৌমী ছাত্ৰ সন্থাই 'চৰে চৰে শিক্ষা- ঘৰে ঘৰে শিক্ষা' শীৰ্ষক অভিযান অব্যাহত ৰখাৰ মাজতে কোকৰাঝাৰ জিলাৰ মাদ্ৰাছা ইছলামীয়া ইশা আতুল উলুম,খুটামাৰীত আয়োজিত এখন কেন্দ্ৰীয় সভাত কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাৰ নৱগঠিত সমগ্ৰ বি টি চি সমিতিৰ শপত গ্ৰহণ অনুষ্ঠিত হয় ৷

সদৌ অসম মাদ্ৰাছা কৌমী ছাত্ৰ সন্থাৰ বি টি চি সমিতি গঠন

হাচীফ মহম্মদ আলি শেখ আৰু মহম্মদ হাঁচিম আলিক ক্ৰমে সভাপতি আৰু সম্পাদক হিচাপে লৈ এই সমিতিখন গঠন কৰা হয় ৷ মুঠ 15 জন সদস্যক লৈ গঠিত হোৱা এই সমিতি খনৰ উপ সভাপতি হিছাপে চফিকুল ইছলাম আৰু সহ-সাধাৰণ সম্পাদক হিচাপে মহম্মদ নুৰ্ডিন আহমেদে শপত গ্ৰহণ কৰে ৷ সম্পাদক মহম্মদ হাচিম আলিয়ে সাংবাদিকৰ আগত কয় যে সদৌ অসম কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাই ধৰ্মীয় সংখ্যালঘুসকলৰ উন্নীতকৰণৰ বাবে বিগত বছৰৰ পৰাই কাম কৰি আহিছে ৷ নতুন সমিতিখনে বিটিচি প্ৰশাসনক সংখ্যালঘু উন্নয়ন বৰ্ড গঠন কৰি উন্নয়নমূলক কাম কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিব বুলিও সাংবাদিকক জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details