অসম

assam

ETV Bharat / state

কোকৰাঝাৰ সদৰ থানাত হাজিৰ অখিল গগৈ - ABMSU

এবিএমছুৰ সভাত অখিল গগৈয়ে ৰাষ্ট্ৰ বিৰোধী , জাতি - জনগোষ্ঠী বিৰোধী আৰু চৰকাৰ বিৰোধী বক্তব্য ৰখাৰ অভিযোগত অখিল গগৈৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীয়ে তৰিছিল গোচৰ  । উক্ত গোচৰৰ ভিত্তিত তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে দেওবাৰে অখিল গগৈ কোকৰাঝাৰ সদৰ থানাত উপস্থিত হোৱাৰ পাচত তদন্তকাৰী বিষয়াই অখিল গগৈৰ বক্তব্য লিপিবদ্ধ কৰে ।

কোকৰাঝাৰ সদৰ থানাত হাজিৰ অখিল গগৈ

By

Published : Apr 14, 2019, 4:58 PM IST


কোকৰাঝাৰ/14 এপ্ৰিল :- কোকৰাঝাৰ আৰক্ষী চকীত হাজিৰ অখিল গগৈ ৷ এবিএমছুৰ সভাত ৰাষ্ট্ৰ বিৰোধী মন্তব্য কৰাৰ অপৰাধত কৃষক নেতাগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছিল অভিযোগ ৷

কোকৰাঝাৰ আৰক্ষীৰ এক গোচৰ নং 104/2019 ৰ ভিত্তিত দেওবাৰ অখিল গগৈ কোকৰাঝাৰ থানাত হাজিৰ হৈ তদন্তকাৰী বিষয়াৰ ওচৰত সাক্ষ্য প্ৰদান কৰে ।উল্লেখ্য যে যোৱা 24 মাৰ্চত কোকৰাঝাৰৰ ছালাকাটি অনুষ্ঠিত হোৱা এবিএমছুৰ সভাত অখিল গগৈয়ে ৰাষ্ট্ৰ বিৰোধী , জাতি - জনগোষ্ঠী বিৰোধী আৰু চৰকাৰ বিৰোধী বক্তব্য ৰখাৰ অভিযোগত অখিল গগৈৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীয়ে তৰিছিল গোচৰ । উক্ত গোচৰৰ ভিত্তিত তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে দেওবাৰে অখিল গগৈ কোকৰাঝাৰ সদৰ থানাত উপস্থিত হোৱাৰ পাচত তদন্তকাৰী বিষয়াই অখিল গগৈৰ বক্তব্য লিপিবদ্ধ কৰে ।

কোকৰাঝাৰ সদৰ থানাত হাজিৰ অখিল গগৈ

কোকৰাঝাৰ সদৰ থানাত এঘণ্টাৰো অধিক কাল সোধপোছৰ অন্তত সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে তেওঁৰ বিৰুদ্ধে তৰা গোচৰ সম্পূৰ্ণ ভুৱা আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি মন্তব্য কৰে ৷ কৃষক নেতা গৰাকীৰ মতে তেওঁ উক্ত সভাত কোনোধৰণৰ ৰাষ্ট্ৰ বিৰোধী , জাতি জনগোষ্ঠী বিৰোধী মন্তব্য প্ৰদান কৰা নাছিল । লাফিকুল ইছলাম হত্যাকাণ্ডৰ ন্যায় প্ৰদান আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধেহে তেওঁ বক্তব্য ৰখা বুলি মন্তব্য কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে তেওঁ যাতে মাত মাতিব নোৱাৰে তাৰে এয়া এক কৌশল বুলি মন্তব্য কৰে ।

ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰটোত জামিন প্ৰদান কৰাৰ কথা সদৰি কৰি অখিল গগৈয়ে এইবাৰ বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিব নোৱাৰে বুলি দাবী কৰে । আনহাতে হাগ্ৰামা মহিলাৰীৰ অৱস্থা এদিন লালু প্ৰসাদ যাদৱৰ দৰে হ'ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অখিল গগৈয়ে ।

ABOUT THE AUTHOR

...view details