কোকৰাঝাৰ চিৰাং , 6 ফেব্ৰুৱাৰী :BTR চুক্তিক লৈ 7 ফেব্ৰুৱাৰীত কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া বিজয় উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰী গৰাকীৰ কোকৰাঝাৰ ভ্ৰমণক লৈ জিলাখনত ব্যাপক উচ্চাহ-উদ্দীপনাৰ লগতে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ৷
7 ফেব্ৰুৱাৰীত BTR চুক্তিৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিখিল বড়ো ছাত্ৰ সন্থা, পিপলছ জইন্ট এক্টন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট আৰু এনডিএফবিয়ে যৌথভাৱে উলিয়াই মটৰ চাইকেল ৰেলী ৷ কোকৰাঝাৰ চহৰৰ ভবাণীপুৰৰ পৰা ওলোৱা এই ৰেলীত সহশ্ৰাধিক যুৱকে অংশগ্ৰহণ কৰি মোদী ৱেলকাম, বিটিআৰ জিন্দাবাদ ইত্যাদি শ্ল'গান দিয়া পৰিলক্ষিত হয় ৷
7 ফেব্ৰুৱাৰীত BTR চুক্তিৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেদৰে চিৰাঙতো দেখা গ'ল এবছুৰ মটৰ চাইকেল ৰেলী ৷ কাজলগাঁৱৰ পৰা উলিওৱা এই ৰেলীৰ শুভাৰম্ভ কৰে এবছুৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ জয়ন্ত বসুমতাৰীয়ে । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বড়ো সকলৰ মাজত সম্পাদিত হোৱা তৃতীয়খন বড়ো চুক্তি BTRক আদৰণি জনোৱা আৰু ৭ ফেব্ৰুৱাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোকৰাঝাৰ জিলা ভ্ৰমণ সন্দৰ্ভত জিলাখনৰ সাধাৰণ লোকক সজাগ কৰিবলৈ এই ৰেলীৰ আয়োজন কৰে বুলি এবছুৰ মুখপাত্ৰই মন্তব্য কৰে ৷
আৰু পঢ়ক : কোকৰাঝাৰত প্ৰধানমন্ত্ৰী ভ্ৰমণকলৈ স্থান পৰিদৰ্শন সোণোৱালৰ