ধুবুৰী, 29 মেঃ ধুবুৰীৰ গোসাঁইগাঁও মহকুমা কৃষি বিষয়াৰ কাৰ্য্যালয়ত ৰাজ্যৰ কৃষি বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণৰ নামত ব্যপক দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উঠিছে । এনে সময়তে ধুবুৰী আৰক্ষীৰ জালত পৰিল কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ সহকাৰী কৃষি পৰিদৰ্শক ছিৰাজুল হক আৰু জাহাঙ্গীৰ আলী নামৰ এজন দালাল । বৃহস্পতিবাৰে এক গোপন সূত্ৰৰ পম খেদি ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত তামাৰহাট আৰক্ষীৰ দল এটাই অভিযান চলাইছিল তামাৰহাটৰ পলাশকান্দি গাঁৱৰ জাহাঙ্গীৰ আলী নামৰ এজন লোকৰ ঘৰত । ধুবুৰী আৰক্ষীয়ে চলোৱা এই অভিযানত ১৬ টাকৈ চেল পাম্প উদ্ধাৰ হয় । তাৰ পিছতেই আৰক্ষীয়ে প্ৰথমে জাহাঙ্গীৰ আলী নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে তাৰ পিছতেই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত কৃষি সহকাৰী পৰিদৰ্শক ছিৰাজুল হকক গ্ৰেপ্তাৰ কৰে ধুবুৰী আৰক্ষীয়ে ।
ধুবুৰীত আৰক্ষীৰ জালত কৃষি বিষয়া সহ আন এজন দালাল - AGRICULTURE SCAM IN KOKRAJHAR : TWO ARRESTED
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ সহকাৰী কৃষি পৰিদৰ্শক ছিৰাজুল হক আৰু জাহাঙ্গীৰ আলী নামৰ এজন দালাল । কৃষি বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
ধুবুৰীত আৰক্ষীৰ জালত কৃষি বিষয়া সহ আন এজন দালাল
আৰক্ষীয়ে সদৰি কৰা মতে, চেল পাম্পসমূহ কৃষি বিভাগৰ RIDF আঁচনিৰ অধীনৰ হিতাধিকাৰীৰ বাবে চৰকাৰে যোগান ধৰিছিল । যদিও বিভাগীয় বিষয়া কৰ্মচাৰীৰ সৈতে ১৬ জন হিতাধিকাৰীৰ চহী নিজেই কৰি চেল পাম্পসমূহ চোৰাংভাবে বিক্ৰী কৰাৰ চেষ্টা চলাইছিল জাহাঙ্গীৰ আলীয়ে । ইপিনে আৰক্ষীয়ে দুয়োকে ধুবুৰী আদালতত হাজিৰ কৰায় ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে দুদিনৰ জিম্মালৈ নিয়ে ধৃত লোক কেইজনক । আৰক্ষীৰ জেৰা আৰু তদন্তৰ অন্তত কি তথ্য পোহৰলৈ আহে সেয়াই লক্ষণীয় বিষয়া ।