অসম

assam

ETV Bharat / state

ছালাকাটিত অগপৰ কৃষক সংযোগ কাৰ্যসূচী - Farmers Engagement Programme in Kokrajhar

কোকৰাঝাৰৰ ছালাকাটিত দেওবাৰে অনুষ্ঠিত হয় অগপৰ কৃষক সংযোগ কাৰ্যসূচী (Farmers Engagement Programme) ৷ কৃষি সম্পৰ্কীয় বিভিন্ন আঁচনি সম্পৰ্কে কৃষকৰ সৈতে মত-বিনিময় কৰে অগপ নেতৃত্বই এই অনুষ্ঠানত ৷

Etv Bhagps-farmers-engagement-programme-held-at-salakati-in-kokrajhararat
Etv Bকোকৰাঝাৰ ছালাকাটিত অনুষ্ঠিত অগপৰ কৃষক সংযোগ কাৰ্যসূচীharat

By

Published : Aug 14, 2022, 8:18 PM IST

কোকৰাঝাৰ, ১৪ আগষ্ট: ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগী দল অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন কৃষক পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত ছালাকাটি এম.ই.মাদ্ৰাছা প্ৰাংগনত দেওবাৰে কৃষক সংযোগ কাৰ্যসূচী সম্পন্ন হয় (Farmers Engagement Programme in Kokrajhar) ৷ মূলতঃ কৃষি সম্পৰ্কীয় বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিৰ সা-সুবিধাসমূহ কৃষকসকলে প্ৰকৃততে লাভ কৰিছে নে নাই তাৰ ওপৰত মত-বিনিময় কৰা হয় ৷

অগপ নেতা তথা অভয়াপুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায় আৰু কোকৰাঝাৰ জিলা সমিতি অগপৰ সভাপতি জাকিৰ হুছেইনে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, কৃষকৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ধৰণৰ আঁচনিসমূহৰ বিষয়ে সজাগতা অনা তথা আলাপ-আলোচনা কৰাৰ উদ্দেশ্যৰে ৰাজ্যজুৰি কৃষক গণ সংযোগ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ লগতে ২০২৪ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবেও দলে সাংগঠনিক কাম-কাজ আৰম্ভ কৰা বুলি সদৰী কৰে ৷

উল্লেখ্য যে , অগপৰ কৃষক সংযোগ কাৰ্যসূচীত অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য, সহ-সম্পাদক বিকাশ বৰুৱা, অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰহেন ৰায়, অগপৰ কোকৰাঝাৰ জিলা সমিতিৰ মুখ্য উপদেষ্টা কৰ্ণ মোহন ৰায়কে ধৰি জিলা অগপৰ কেইবাগৰাকী নেতা উপস্থিত আছিল ৷

লগতে পঢ়ক:Girls Empowerment Campaign 2022, সামৰণি পৰিল NTPC ৰ বালিকা সৱলীকৰণ অভিযান 2022 ৰ কাৰ্যসূচী

For All Latest Updates

ABOUT THE AUTHOR

...view details