কোকৰাঝাৰ ৩ এপ্ৰিল : আগন্তক লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে অসম গণ পৰিষদ দলে ৷ নিৰ্বাচনৰ পূৰ্বে সমষ্টি সমূহত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাক লৈ ব্যাপক তৎপৰতা অৱলম্বন কৰিছে অসম গণ পৰিষদ চমুকৈ অগপ দলে৷ ইয়াৰে অংশস্বৰূপে শেহতীয়াকৈ কেইবাটাও লোকসভা সমষ্টিত দলৰ সাংগঠনিক সভা - কৰ্মী সভা অনুষ্ঠিত কৰাৰ পিছত কোকৰাঝাৰতো অনুষ্ঠিত হয় অগপৰ এখন সাংগঠনিক সভা (AGP Press Meet in Kokrajhar) ৷
কোকৰাঝাৰ লোকসভা সমষ্টিত দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ উদ্দেশ্যৰে ৰবিবাৰে বিয়লি কোকৰাঝাৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় অগপৰ এই সাংগঠনিক সভা ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিক সাঙুৰি লোকসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হয় এই সাংগঠনিক সভা ৷ সভাৰ অন্তত এক সংবাদমেল সম্বোধন কৰি অগপ নেতা ভূপেন ৰায়ে কয় যে আগন্তক ব'হাগ বিহুৰ পাছতে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনস্থ দহটা বিধানসভা সমষ্টিতে দলীয় কৰ্মী সভা অনুষ্ঠিত কৰা হ'ব ৷ লগতে এইবাৰ নিৰ্বাচন সমূহত অগপ দলে নিজাববীয়াকৈ অংশগ্ৰহণ কৰাৰ কথা বিবেচনা কৰা হৈছে বুলি মন্তব্য কৰে ভূপেন ৰায়ে (Kokrajhar Lok Sabha constituency) ৷
আগন্তক লোকসভা নিৰ্বাচনত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টি অগপক এৰি দিবলৈ মিত্ৰ দলৰ ওচৰত অনুৰোধ জনাব বুলি সদৰী কৰিছে প্ৰাক্তন বিধায়ক তথা অগপৰ নেতা ভূপেন ৰায়ে ৷ ইতিমধ্যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনকলৈ অসম গণ পৰিষদ দলে ৰাজ্যৰ চৈধ্যটা লোকসভা সমষ্টিতে অগপ দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিবলৈ সমষ্টি ভিত্তিত সাংগঠনিক সভা আৰু কৰ্মী সভাত গুৰুত্ব দিয়া হৈছে বুলি কয় ৰায়ে (Bhupen Ray Press Meet in Kokrajhar) ৷