অসম

assam

ETV Bharat / state

গৃহমুখি হ'ল কোৱাৰেণ্টাইন কেন্দ্ৰৰ 42 গৰাকী তীৰ্থযাত্ৰী - মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম

আন্তঃ ৰাজ্যিক সীমান্ত কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত থকা কোৱাৰেণ্টাইন কেন্দ্ৰৰ 42 গৰাকী তীৰ্থযাত্ৰীক শুকুৰবাৰে আৰনাই আৰু ফুলাম গামোচাৰে সম্ভাষণ জনাই ঘৰলৈ পঠিয়ালে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ।

after quarantine 42 peoples were felicited by gamosa and arnai in kokrajhar
after quarantine 42 peoples were felicited by gamosa and arnai in kokrajhar

By

Published : Apr 10, 2020, 7:54 PM IST

কোকৰাঝাৰ, 10 এপ্ৰিলঃশুকুৰবাৰে আন্তঃ ৰাজ্যিক সীমান্ত কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত থকা কোৱাৰেণ্টাইন কেন্দ্ৰত উপস্থিত হয় মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম । কোৱাৰেণ্টাইন কেন্দ্ৰত উপস্থিত হৈ তাত থকা ৪২ গৰাকী তীৰ্থযাত্ৰীক আৰনাই আৰু ফুলাম গামোচাৰে সম্ভাষণ জনাই ঘৰলৈ পঠিয়ালে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই । উল্লেখ্য যে, অসমৰ কেইবাটাও অঞ্চলৰ পৰা এমাহ পূৰ্বে বৈষ্ণুদেৱী, স্বৰ্ণ মন্দিৰ, দিল্লী আদি তীৰ্থস্থানৰ পৰা অহা ৪২ গৰাকী তীৰ্থযাত্ৰীৰ দল এটা বিগত পোন্ধৰ দিনে এই কোৱাৰেণ্টাইন কেন্দ্ৰতে ৰখা হৈছিল । কোৱাৰেণ্টাইন থকা 15 দিনৰ অন্তত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শ্ৰীৰামপুৰলৈ আহি তেওঁলোকক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে । আজি কোৱাৰেণ্টাইনত থকা সমূহ লোককে আৰনাই আৰু ফুলাম গামোচাৰে সম্ভাষণ জনাই এখন বাছেৰে তীৰ্থযাত্ৰী সকলক ঘৰলৈ পঠিয়াই দিয়া হয় ।

ঘৰলৈ পঠিওৱা হ'ল কোৱাৰাণ্টাইন কেন্দ্ৰৰ 42 গৰাকী তীৰ্থযাত্ৰীক

উল্লেখ্য যে, এনেদৰেই পৰ্যায়ক্ৰমে সীমান্তৰ তিনিটা স্থানৰ কোৱাৰাণ্টাইন কেন্দ্ৰত থকা প্ৰায় চাৰিশ লোকক নিজ নিজ গন্তব্য স্থানলৈ লৈ যোৱা হ'ব ।

ABOUT THE AUTHOR

...view details