অসম

assam

ETV Bharat / state

প্ৰতিবাদৰ মাজেৰে কোকৰাঝাৰত পলন কৰা হ'ল বিশ্ব আদিবাসী দিৱসৰ কাৰ্যসূচী - হুংকাৰ

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত দেওবাৰে পালন কৰা হয় বিশ্ব আদিবাসী দিৱসৰ কাৰ্যসূচী । কোকৰাঝাৰ চহৰস্থিত ডাওলবাৰী চাহ বাগিচাত এই দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় । অৱশ্যে এইবাৰৰ দিৱস উদযাপনৰ পৰিৱৰ্তে চৰকাৰে আদিবাসী সকলক কৰি অহা বঞ্চনাৰ ক্ষোভ উজাৰি কৰিলে প্ৰতিবাদী মিচিলহে ।

adivasi day celebration at kokrajhar
প্ৰতিবাদৰ মাজেৰে কোকৰাঝাৰত পলন কৰা হ'ল বিশ্ব আদিবাসী দিৱসৰ কাৰ্যসূচী

By

Published : Aug 10, 2020, 1:26 AM IST

কোকৰাঝাৰ,৯ আগষ্ট : ৯ আগষ্টত সমগ্ৰ বিশ্বযুৰি পালন কৰা হয় বিশ্ব খিলঞ্জীয়া দিৱস । এই দিৱসৰ দিনটোতে আদিবাসী সকলেও পালন কৰে বিশ্ব আদিবাসী দিৱস । দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে কোকৰাঝাৰ ডাউলবাৰী চাহ বাগিচাত ৰূপায়ন কৰা দিৱসৰ কাৰ্যসূচী ।

চৰকাৰৰ বঞ্চনাৰ সন্মুখীন হৈ অহা আদিবাসী সমাজে আজি পৰ্যন্ত পোৱা নাই কোনো ধৰণৰ চৰকাৰী বিশেষ সা-সুবিধা । মাথো প্ৰবঞ্চনাৰে এই সকল লোকক চৰকাৰে কৰি আহিছে বঞ্চিত । দেশৰ এটা খিলঞ্জীয়া জাতি হৈয়ো চৰকাৰৰ দ্বাৰা উপেক্ষিত এই সকল লোকে নিজৰ প্ৰাপ্য বিচাৰি আদিবাসী দিৱসৰ দিনাও কৰিব লগা হ'ল প্ৰতিবাদ ।

প্ৰতিবাদৰ মাজেৰে কোকৰাঝাৰত পলন কৰা হ'ল বিশ্ব আদিবাসী দিৱসৰ কাৰ্যসূচী

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত দেওবাৰে কোকৰাঝাৰ চহৰৰ ডাওলবাৰী চাহ বাগিচাত অঞ্চলটোৰ আদিবাসী লোক সকলে এক প্ৰতিবাদী সমদলৰ জড়িয়তে বিজেপি শাসিত চৰকাৰখনৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ ।

প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ, ফেষ্টুন আদি লৈ দিলে বিজেপি নেতৃত্বাধীন চৰকাৰ বিৰোধী শ্ল'গান । সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ষ্টিফেন লাক্ৰাই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ ক’লে, আদিবাসী সকল দেশৰ এটা খিলঞ্জীয়া জাতি হোৱাৰ পিছতো বৰ্তমানলৈকে পাই আহিছে মাথো বঞ্চনা আৰু উপেক্ষাহে । জাতিটোৰ উন্নয়নৰ বাবে কোনো এখন চৰকাৰে নল’লে কোনো সঠিক পৰিকল্পনা ।

আদিবাসী সকলে বহু দিনৰ পৰা কৰি অহা জনজাতিকৰণৰ দাবী, চাহ শ্ৰমিক সকলৰ মজুৰী বৃদ্ধি, মাটিৰ পট্টা প্ৰদানকে ধৰি জনাই অহা দাবী সমূহ অতি শীঘ্ৰে চৰকাৰে সমাধান নকৰিলে অনাগত সময়ত জংগী আন্দোলনৰো হুংকাৰ প্ৰদান কৰিলে আদিবাসী ছাত্ৰ নেতাগৰাকীয়ে ।

লগতে পঢ়ক :গৌৰীসাগৰত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ 29 সংখ্যক মৃত্যু বাৰ্ষিকী পালন

ABOUT THE AUTHOR

...view details