গোসাইগাঁও,১৫ মে': বুধবাৰে গোসাইগাঁও মহকুমাৰ কচুগাঁৱত আদিবাসী ষ্টুডেণ্ট ইউনিয়ন আৰু ছাত্ৰ সন্থাৰ উদ্যোগত ক'লা দিৱস উদযাপন। উল্লেখ্য যে, ১৯৯৬ চনত কোকৰাঝাৰ, বঙাইগাঁও আৰু ধুবুৰী জিলাত আদিবাসী আৰু বড়ো জনগোষ্ঠীৰ মাজত সংৰ্ঘষৰ সৃষ্টি হৈছিল। সেই সংৰ্ঘষত লাখ লাখ আদিবাসী লোকে ঘৰ বাৰী হেৰুৱাই শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে,ইয়াৰোপৰি শিশু,মহিলাকে ধৰি দহ সহস্ৰাধিক লোকে সংৰ্ঘষত প্ৰাণ হেৰুৱাইছিল।
গোসাইগাঁৱত ক'লা দিৱস ! - ছাত্ৰ সন্থা
আদিবাসী ষ্টুডেণ্ট ইউনিয়ন আৰু ছাত্ৰ সন্থাৰ উদ্যোগত বুধবাৰে গোসাইগাঁৱত ক'লা দিৱস উদযাপন
গোসাইগাঁৱত ক'লা দিৱস !
ফলত তেতিয়াৰে পৰাই আদিবাসীৰ বিভিন্ন দল সংগঠনে ১৫ মে' দিনটো ক'লা দিৱস হিচাপে পালন কৰি আহিছে। সংৰ্ঘষৰ বলি হৈ বৰ্তমানেও পাচঁ শতাধিক আদিবাসী পৰিয়ালে জন্তুৰ দৰে শিবিৰত থাকিবলগা হৈছে। অতিশীঘ্ৰে তেওঁলোকক পুনৰ সংস্থাপন আৰু নিৰাপত্তা দি নিজ নিজ গাঁৱলৈ প্ৰেৰণ কৰাৰ দাবী জনাইছে আদিবাসী বিভিন্ন দল সংগঠনে।