কোকৰাঝাৰ, ৬ আগষ্ট:মৰেল পুলিচিঙৰ ঘটনাক লৈ কোকৰাঝাৰত প্ৰতিক্ৰিয়া অব্যাহত । ইয়াৰ মাজতে আৰক্ষীয়ে মাগুৰমাৰীৰ মৰেল পুলিচিঙৰ ঘটনাৰ সৈতে জড়িত দুই যুৱকক গ্ৰেপ্তাৰ কৰিছে । কোকৰাঝাৰ সদৰ আৰক্ষীয়ে শনিবাৰে পুৱতি নিশা তিনি বজাত অভিযান চলাই মাগুৰমাৰীৰ পৰা মৰেল পুলিচিঙৰ সৈতে জড়িতসকলৰ ভিতৰত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷ ধৃত যুৱকদ্বয় হ'ল ক্ৰমে মাগুৰমাৰীৰ কৌশিত মণ্ডল আৰু পিংকু ৰায় ৷ আনহাতে ঘটনাৰ মুল অভিযুক্ত ৰজত মণ্ডল সম্প্ৰতি পলাতক হৈ আছে ৷
উল্লেখ্য যে, যোৱা তিনি আগষ্টত মাগুৰমাৰীত ৰজত মণ্ডলৰ নেতৃত্বত উদণ্ড যুৱকৰ এটা দলে গৰুচোৰৰ সন্দেহত ঢাউলিগুৰীৰ মেধা ব্ৰহ্ম আৰু জাওলিয়াপাৰাৰ মুক্তাৰ আলী নামৰ লোক দুজনক হাত বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিছিল । উক্ত ঘটনাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাচতে ছাত্ৰ সংগঠন এবিএমছু , এবছু আৰু বনছুৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ৰজত মণ্ডলসহ ঘটনাৰে জড়িত দোষীসকলক গ্ৰেপ্তাৰ কৰাৰ বাবে জিলা আৰক্ষী প্ৰশাসনক দাবী জনায় ৷
ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত কোকৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰ ১৪৩/ ৩৪১/ ৩৪২/ ৩৮৬ /৩২৫/৩০৭ মৰ্মে এক গোচৰ (নং২৭০/২০২৩) ৰুজু কৰা হয় । অৱশেষত কোকৰাঝাৰ আৰক্ষীয়ে দুই যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে যুৱকদ্বয়ক জেৰা ৰাখিছে ।