অসম

assam

ETV Bharat / state

কোকৰাঝাৰত ট্ৰেক্টৰৰ দৌৰাত্ম্যঃনিহত যুৱতী - শান্তিনগৰ

বৃহস্পতিবাৰে কোকৰাঝাৰৰ ভাতাৰমাৰীত এগৰাকী মহিলাক তীব্ৰবেগী ট্ৰেক্টৰে খুন্দিওৱাৰ ফলত থিতাতে মৃত্যুমুখত পৰে ৷ মৃত মহিলাগৰাকী চহৰখনৰ শান্তিনগৰ নিবাসী তুষাৰকান্তি মুখাৰ্জীৰ পত্নী ময়ুৰী গগৈ মুখাৰ্জী(৩৬) ৷ শান্তিনগৰৰ 'ময়ুৰী বিউটি পাৰ্লাৰ'ৰ স্বত্ত্বাধিকাৰী ময়ুৰী গগৈ মুখাৰ্জীৰ আকস্মিক মৃত্যুত চহৰখনত শোকৰ ছাঁ পৰে ৷

accident at kokrajhar by tractore died lady latest news assam etv bhart news
ট্ৰেক্টৰৰ দৌৰাত্ম্যঃ

By

Published : Feb 28, 2020, 3:37 AM IST

কোকৰাঝাৰ,27 ফেব্ৰুৱাৰীঃ কোকৰাঝাৰ চহৰত অব্যাহত আছে তীব্ৰবেগী ট্ৰেক্টৰৰ দৌৰাত্ম্য ৷ দীৰ্ঘদিন ধৰি চহৰখনত অবাধ গতিত চলা ট্ৰেক্টৰে সৰ্বসাধাৰণ ৰাইজক জ্বলা-কলা খুৱাই থকাৰ কথা জানিব পৰা গৈছে ৷ এনে সময়তে বৃহস্পতিবাৰে চহৰৰখনৰ ভাতাৰমাৰীত এগৰাকী মহিলাক তীব্ৰবেগী ট্ৰেক্টৰে খুন্দিওৱাৰ ফলত থিতাতে মৃত্যুমুখত পৰে মহিলাগৰাকী ৷ মৃত মহিলাগৰাকী চহৰখনৰ শান্তিনগৰ নিবাসী তুষাৰকান্তি মুখাৰ্জীৰ পত্নী ময়ুৰী গগৈ মুখাৰ্জী(৩৬) ৷

ট্ৰেক্টৰখন জব্দ কৰে আৰক্ষীয়ে

প্ৰাপ্ত খবৰ অনুসৰি,পুৱা প্ৰায় ১০ বজাত মহিলাগৰাকীয়ে স্কুটি লৈ চহৰখনৰ ভাতাৰমাৰী দিশে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এ এছ ১৬ চি ৪৯৫৫ নম্বৰৰ তীব্ৰবেগী ট্ৰেক্টৰখনে স্কুটিখন মহতিয়াই নিয়ে ৷ ফলত মুত্যুমুখত পৰে ময়ুৰী গগৈ মুখাৰ্জী নামৰ মহিলাগৰাকী ৷ আৰক্ষীয়ে ইতিমধ্যে ট্ৰেক্টৰখনৰ চালক সুনীল ব্ৰহ্ম(৩২)ক ঘটনা সন্দৰ্ভত আটক কৰিছে ৷ উল্লেখ্য যে,কোকৰাঝাৰ চহৰৰ শান্তিনগৰৰ 'ময়ুৰী বিউটি পাৰ্লাৰ'ৰ স্বত্ত্বাধিকাৰী ময়ুৰী গগৈ মুখাৰ্জীৰ আকস্মিক মৃত্যুত চহৰখনত শোকৰ ছাঁ পৰে ৷

লগতে চাওকঃঅসমৰ কৃষিভূমি পৰিদৰ্শন কৰিলে জাৰ্মানৰ উন্নয়ন মন্ত্ৰী ডাঃ গেৰ্ড মুলাৰে

ABOUT THE AUTHOR

...view details