কোকৰাঝাৰ, 7 অক্টোবৰ :বডোলেণ্ড বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ ষষ্ঠ ষান্মাসিকৰ শিক্ষাৰ্থী সকলক 50 শতাংশ পাঠ্যক্ৰম ৰেহাই দিয়াৰ বাবে বুধবাৰে সদৌ অসম বড়ো ছাত্ৰ সন্থাই বড়োলেণ্ড বিশ্ববিদ্যালয়ত সৰ্বাত্মক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷ বুধবাৰে কোকৰাঝাৰৰ বোডোফা হাউছত এখন সংবাদমেল আয়োজন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে ৷
উক্ত সংবাদমেলত ABSU ৰ শিক্ষা সচিব কস্তোম বসুমতাৰীয়ে ৰাজ্যত চলি থকা ক'ভিড-19 মহামাৰীৰ সময়ত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ ষষ্ঠ ষান্মাসিকৰ শিক্ষাৰ্থীসকলৰ বাবে 50 শতাংশ পাঠ্যক্ৰম ৰেহাই দিয়াৰ দাবী জনাই ৷
লগতে পঢ়ক :পৃথক পতাকা নাকচ কৰি কেন্দ্ৰই চূড়ান্ত কৰিলে নাগা শান্তি চুক্তিৰ খচৰা