কোকৰাঝাৰ, 19 জুলাই:বিজেপিৰ নেতা তথা বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে । মঙলবাৰে কোকৰাঝাৰত অৰূপ কুমাৰ দে’ৰ মন্তব্যক লৈ সংবাদ মাধ্যমে সোধা এক প্ৰশ্নৰ উত্তৰত এবছুৰ সভাপতি দ্বীপেন বড়োৱে কয় যে কোনোবাই যদি কাৰোবাৰ মূৰত কঠাল ভাঙি বিটিআৰত চলিব বিচাৰিছে তেনেহলে পৰিণাম ভয়াৱহ তথা বিষম হ'ব । শ্বহীদৰ কেঁচা তেজৰ আত্মবলিদানেৰে গঠন হোৱা বিটিচি বা বিটিআৰত তেওঁ কোনটো আন্দোলনত জড়িত আছিল এবছু নে এনডিএফবি বুলি প্ৰশ্ন উত্থাপন কৰে ৷
ৰাইজে নিৰ্বাচিত কৰি পঠোৱা বিটিচি চৰকাৰৰ দায়ৱদ্ধতা পালন কৰিবলৈ আহ্বান জনাইছে দ্বীপেন বড়োৱে । বেলেগৰ মূৰত কঁঠাল ভাঙি খোৱা চিন্তা বাদ দিবলৈ কোৱাৰ লগতে তেনেকুৱা মন্তব্য কৰিলে সহ্য কৰা নহ’ব বুলিও কয় নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷ লগতে, হাত সাৱটি বহি নাথাকে বুলিও সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ।