কোকৰাঝাৰ ২০ জুলাই: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত এবছুৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মুখ্য দ্বাৰৰ সন্মুখত বৃহস্পতিবাৰে এবছুৱে ৰূপায়ণ কৰে এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৷
প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত এবছুৰ কেন্দ্ৰীয় উপসভাপতি খৰমদাও ওৱাৰী, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, বড়ো সাহিত্য সভাৰ জিলা সভাপতি বিজুৱেল বসুমতাৰীসহ এবছুৰ কেইবাগৰাকীও শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে ৷ ধৰ্ণা কাৰ্যসূচীত অংশ লোৱা এবছুৰ কৰ্মকৰ্তাই দুৰ্নীতিত লিপ্ত লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণ কৰাৰ দাবীৰে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাক কৰি তোলে ৷
ইফালে এবছুৰ উপ-সভাপতি খৰমদাও ওৱাৰী আৰু সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীয়ে দুৰ্নীতিত লিপ্ত লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণ কৰি নতুন উপচাৰ্য নিয়োগ কৰাৰ দাবী জনায় ৷ এসপ্তাহৰ ভিতৰত লাইশ্ৰম লাড্ডু সিঙক অপসাৰণ নকৰিলে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ ৷
উল্লেখ্য যে, উপাচাৰ্য সিঙৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ বিত্তীয় অনিয়মৰ লগতে নিযুক্তিৰ ক্ষেত্ৰতো অনিয়মৰ অভিযোগ আছে ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগত ২০২২ চনৰ ৩ আগষ্টতে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই নিৰ্মাণকাৰ্য আৰু নিযুক্তি সম্পৰ্কীয় নখনকৈ গুৰুত্বপূৰ্ণ ফাইল জব্দ লগত লৈ যায় ৷