কোকৰাঝাৰ, ২৮ নৱেম্বৰ :বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ লাইশ্ৰাম লাডু সিঙৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু ৷ উপাচাৰ্য লাইশ্ৰাম লাডু সিঙৰ অপসাৰণৰ দাবীত এবছুৱে পুনৰাই এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ।
মঙলবাৰে এবছুৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে কয় যে নাকৰ (NAAC) পৰিদৰ্শনৰ পিছত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণ কৰা হ'ব বুলি ৰাজ্যপালে প্ৰতিশ্ৰুতি দিছিল । কিন্তু ৰাজ্যপালে নিজে দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছে । সেয়েহে এবছুৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা বুলি মন্তব্য কৰে দ্বীপেন বড়োৱে । তেওঁ কয় যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাডু সিঙক অপসাৰণ নকৰালৈকে এবছু ক্ষান্ত নহয় ।
উপাচাৰ্য লাইশ্ৰাম লাডু সিঙক অপসাৰণৰ দাবীত মঙলবাৰে ঘোষিত আন্দোলনৰ কাৰ্যসূচী অনুসৰি অহা ৪ ডিচেম্বৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ত ছঘণ্টীয়া সত্যাগ্ৰহ কাৰ্যসূচী, ৫ ডিচেম্বৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ত তলাবন্ধ, ৬ ডিচেম্বৰত বিটিআৰৰ আটাইকেইখন জিলা সদৰত সমদল আৰু পুত্তলিকা দাহ কাৰ্যসূচী, ৭ আৰু ৮ ডিচেম্বৰত অসহযোগ কাৰ্যসূচী, ৯ ডিচেম্বৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ত মানৱ শৃংখল কাৰ্যসূচী আৰু অহা ১৫ ডিচেম্বৰত ৰাজভৱন চলো কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি এবছুৱে সদৰী কৰে ।