অসম

assam

ETV Bharat / state

বেৰ্লাও বাৰ্থাও ব্ৰহ্মৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী এবছুৰ - বেৰ্লাও বাৰ্থাও ব্ৰহ্মৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী এবছুৰ

কোকৰাঝাৰত শেহতীয়াকৈ কুমগুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক অতি নৃশংসভাৱে অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিছে (School headmaster brutally killed in Kokrajhar)। হত্যাকাৰীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী বিভিন্ন দল-সংগঠনৰ । সদৰ চহৰৰ বডোফা উদ্যানত এবছুৰ প্ৰতিবাদী কাৰ্যসূচী ।

Kokrajhar
বেৰ্লাও বাৰ্থাও ব্ৰহ্মৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী এবছুৰ

By

Published : Mar 12, 2022, 7:17 PM IST

কোকৰাঝাৰ,১২ মাৰ্চ :শেহতীয়াকৈ কোকৰাঝাৰ জিলাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড (Murder in Kokrajhar)। কুমগুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বেৰ্লাও বাৰ্থাও ব্ৰহ্মক অতি নৃশংসভাৱে হত্যা কৰিছে অচিনাক্ত দুৰ্বৃত্তই (School headmaster brutally killed in Kokrajhar)। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবীত জিলাখনত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

ইয়াৰ মাজতে শনিবাৰে উক্ত ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে (ABSU protest in Kokrajhar)। হত্যাকাৰীক ফাঁচীৰ দাবীত এবছুৱে কোকৰাঝাৰ সদৰ চহৰৰ ইণ্ডিয়ান অইলৰ সমীপৰ বডোফা উদ্যানত দুই ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী লগতে এবছুৰ কৰ্মীসকলে ।

বেৰ্লাও বাৰ্থাও ব্ৰহ্মৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী এবছুৰ

প্ৰতিবাদত অংশ লৈ এবছুৰ সাধাৰণ সম্পাদক ফণীন্দ্ৰ বসুমতাৰীয়ে শিক্ষক বেৰ্লাও বাৰ্থাও ব্ৰহ্মৰ হত্যাকাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দি অতি শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে । বিটিআৰ চুক্তিৰ পাছত শান্তিৰ বাতাবৰণ গঢ় লৈ উঠা অঞ্চলটোত কোনো অপশক্তিয়ে অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

তেওঁৰ অভিযোগ উজনি অসমত এনে ঘটনা সংঘটিত হ'লে মুখ্যমন্ত্ৰী বা আৰক্ষী সঞ্চালক প্ৰধানে লগে লগেই বিহীত ব্যৱস্থা গ্ৰহণ কৰে কিন্তু নামনি অসমত এনে ঘটনা সংঘটিত হোৱাৰ পাছতো দুয়োগৰাকীয়ে এষাৰ মাত নমতাটো দুৰ্ভাগ্যজনক । উল্লেখ্য যে, মাগুৰমাৰীৰ নিকটৰ চেচাপানীৰ শালবাগানৰ পৰা যোৱা ১০ মাৰ্চত উদ্ধাৰ হৈছিল শিক্ষকগৰাকীৰ মৃতদেহ । আনহাতে মৃতদেহত বহুতো আঘাতৰ চিন স্পষ্ট আছিল ।

লগতে পঢ়ক :Murder in Kokrajhar: কোকৰাঝাৰত শিক্ষকক নৃশংসভাৱে হত্যা

ABOUT THE AUTHOR

...view details