কোকৰাঝাৰ, ১২ নৱেম্বৰ : কোকৰাঝাৰৰ দেৱৰগাঁও স্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত শুকুৰবাৰে এবছুৱে বিভিন্ন দাবীৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । এবছুৰ সভাপতি দ্বীপেন বড়ো আৰু সাধাৰণ সম্পাদক খনিন বসুমতাৰীৰ লগতে ছাত্ৰ সংগঠনটোৰ প্ৰায় দুই শতাধিক কৰ্মী-সমৰ্থকে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
বিভিন্ন দাবী তুলি হাতে হাতে বেনাৰ -ফেষ্টুন লৈ বিভিন্ন শ্ল’গানেৰে বড়োলেণ্ড বিশ্ববিদ্যালয় চৌহদ উত্তপ্ত কৰি তোলে প্ৰতিবাদকাৰীয়ে । বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ লাইশ্ৰাম লুডু সিঙক বিতাড়ণৰ কৰা, বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিটিআৰ এলেকাৰ পৰাই নিয়মীয়া পঞ্জীয়ক নিযুক্তি দিয়া, পঞ্জীয়ক নিযুক্তিৰ পূৰ্বে সকলো ধৰণৰ উচ্চ পৰ্যায়ৰ সিদ্ধান্ত বন্ধ ৰখা, কাৰ্যনিৰ্বাহক পৰিষদ বৈঠকৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ কৰ্ট মিটিং অনুষ্ঠিত কৰা, কাৰ্যনিৰ্বাহক পৰিষদৰ খালী হৈ থকা পদসমূহ পূৰণ কৰা, সময়মতে পৰীক্ষা অনুষ্ঠিত কৰা আৰু ফলাফল ঘোষণাৰ দাবীকে ধৰি আন কেবাটাও দাবী উত্থাপন কৰে এবছুৱে ৷