অসম

assam

ETV Bharat / state

পূজাৰ পূৰ্বেই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক প্ৰদান কৰক গ্ৰেড শ্বিট : এবছু - Bodoland university news

বড়োলেণ্ড বিশ্ববিদ্যালয়ে বিগত এটা বছৰে স্নাতক ষষ্ঠ ষাণ্মাষিকৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা নাই গ্ৰেড শ্বিট ৷ যাৰ বাবে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ক্ষুব্ধ হৈ পৰিছে এবছু ৷

Provide Grade Cheats to the students of the Badoland University before the Puja said absu
এবছুৰ সমবাদমেল

By

Published : Oct 9, 2021, 12:02 PM IST

কোকৰাঝাৰ, 9 অক্টোবৰ : কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ে বিগত প্ৰায় এটা বছৰে স্নাতক ষষ্ঠ ষাণ্মাষিকৰ গ্ৰেড শ্বিট প্ৰদান কৰা নাই ৷ যাক লৈ ক্ষুব্ধ হৈ পৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু । সেয়ে এই সন্দৰ্ভত শুকুৰবাৰে এবছুয়ে সংগঠনটোৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰে এক সংবাদমেলৰ ৷

এই সংবাদমেলতে এবছুৰ উপ সভাপতি খৌৰৌমদাও ওৱাৰীয়ে কয় যে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়ত অধ্যায়ন কৰি উত্তীৰ্ণ হোৱাৰ পিছতো ছাত্ৰী-ছাত্ৰীসকলে বৰ্তমানলৈকে মাৰ্কশ্বিট তথা গ্ৰেড শ্বিট পোৱা নাই ৷ ফলত শিক্ষাৰ্থীসকলে উচ্চ শিক্ষা গ্ৰহণত বাধা আহি পৰিছে ৷ সেয়ে এই সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এবছুয়ে এক আলোচনাতো মিলিত হৈছিল ৷

এবছুৰ সমবাদমেল

ছেপ্টেম্বৰ মাহতে ছাত্ৰ-ছাত্ৰীসকলক গ্ৰেড শ্বিট প্ৰদান কৰাৰ কথা আছিল যদিও সেয়া আজিকোপতি পুৰণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই । এই অভিযোগ উত্থাপন কৰিছে এবছুৰ উপ সভাপতি খৌৰৌমদাও ওৱাৰীয়ে ৷

উল্লেখ্য যে, দুৰ্গা পূজাৰ পূৰ্বেই ছাত্ৰ-ছাত্ৰীসকলক গ্ৰেড শ্বিট প্ৰদান নকৰিলে দুৰ্গা পূজাৰ পিছতেই এবছুৱে অনিৰ্দিষ্টকালীন ভাৱে ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি এবছুৰ উপ সভাপতি গৰাকীয়ে হুংকাৰ প্ৰদান কৰে । তদুপৰি স্নাতকত্তোৰ পৰ্যায়ত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগতে ৩০ শতাংশকৈ আসন বঢ়াবলৈও দাবী উত্থাপন কৰে এবছুৱে ।

বড়োলেণ্ড অঞ্চলৰ একমাত্ৰ বিশ্ববিদ্যালয়খনত আসনৰ অভাৱৰ বাবেই বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলৈ সুযোগ পোৱা নাই ৷ সেয়ে আসন বঢ়োৱাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ একাংশ অধ্যাপকৰ ভূমিকাকো কঠোৰ সমালোচনা কৰিছে এবছুৰ উপ সভাপতি খৌৰৌমদাও ওৱাৰীয়ে । আনহাতে, বড়োলেণ্ড বিশ্ববিদ্যালয়ত স্থায়ী পঞ্জীয়ক নিযুক্তি দিবলৈও আহ্বান জনাই এবছুৰ উপ সভাপতি খৌৰৌমদাও ওৱাৰীয়ে ৷ আনকি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৰ্বতোপ্ৰকাৰ উন্নয়নৰ বাবে ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো আহ্বান জনাই এবছুৰ উপ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক :অসম-নাগালেণ্ড সীমান্তত আঢ়ৈ কোটি টকাৰ মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ

ABOUT THE AUTHOR

...view details