কোকৰাঝাৰ, 6 আগষ্ট: কোকৰাঝাৰ বাগানশালীস্থিত এবছুৰ মুখ্য কাৰ্যালয়ৰ বডোফা হাউচত বৃহস্পতিবাৰে সংবাদমেল আয়োজন কৰি এবছু নেতা খৌৰৌমদাউ ঔৱাৰীয়ে নতুন শিক্ষা নীতি 2020 ৰূপায়ণ কৰাৰ পূৰ্বে বড়ো মাধ্যমৰ জ্বলন্ত সমস্যাৰ সমাধান কৰিবলৈ দাবী জনায় ৷ লগতে,BTADৰ একাংশ মহাবিদ্যালয়ত বিজ্ঞান বিষয়টো সন্নিবিষ্ট কৰিবলৈ দাবী উত্থাপন কৰে ।
অসমৰ বিভিন্ন প্ৰান্তত স্থাপন হোৱা মহাবিদ্যালয় ক্ৰমে কোকৰাঝাৰ চেৰফাংগুৰীৰ জনতা কলেজ,কোকৰাঝাৰ গাৰ্লছ কলেজ, চিৰাঙৰ বাসুগাঁও কলেজ,বেংতল কলেজ,বাক্সাৰ শালবাৰী কলেজ,বি বি কিষাণ কলেজ,বাক্সা নিকাচিৰ জ্ঞানপীঠ ডিগ্ৰী কলেজ,ওদালগুৰীৰ কৈৰাবাৰী কলেজ, মাজবাট কলেজ,ধেমাজিৰ মুৰ্খংচেলেক কলেজ, গোলাঘাটৰ স্বৰুপথাৰ কলেজ আৰু কাৰ্বি আংলঙৰ টংনকবে কলেজত বিজ্ঞান বিষয়টো সন্নিবিষ্ট কৰিবলৈ দাবী জনায় এবছুৰ যুটীয়া সম্পাদক গৰাকীয়ে ৷