কোকৰাঝাৰ, ১২ জুন :আজি ১২ জুন ৷ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰম্ভ হোৱা বড়োলেণ্ড আন্দোলন ইতিহাসৰ এটা অতিকে গুৰুত্বপূৰ্ণ দিন ৷ কিয়নো ১৯৮৭ চনৰ আজিৰ দিনটোত অৰ্থাৎ ১২ জুন তাৰিখে দুস্কৃতিকাৰীৰ আক্ৰমণত মৃত্যু হৈছিল পৃথক বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ ৷
তথ্য অনুসৰি, গুৱাহাটী মহানগৰীৰ এক গণ সমাৱেশত অংশগ্ৰহণ কৰি ঘৰমুৱা উভতনি যাত্ৰাত দুস্কৃতিকাৰীৰ আক্ৰমণত শ্বহীদ হৈছিল সুজিত নাৰ্জাৰী ৷ সেই দিনৰ পৰাই নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰত্যেক বছৰে আজিৰ দিনটোক বড়োলেণ্ড শ্বহীদ দিৱস উদযাপন কৰি অহা হৈছে ৷
বিগত বৰ্ষসমূহৰ লেখিয়াকৈ এইবাৰো কোকৰাঝাৰ চহৰৰ নিলগৰ ভাটিপাৰাস্থিত শ্বহীদ সুজিত নাৰ্জাৰীৰ সমাধি ক্ষেত্ৰত এবছুৰ উদ্যোগত সোমবাৰে আয়োজিত কৰা হৈছে ৩৬ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস ৷ শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুসৰি, এবছুৰ পতাকা অৰ্ধনমিতভাৱে উত্তোলন কৰা হয় ৷ তাৰ পাচতে সংগঠনটোৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি কৃপেশ দৈমাৰীৰ লগতে শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰে ইউ এন একাডেমীৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰীয়েও ৷