অসম

assam

ETV Bharat / state

বিটিএডিৰ নৱ নিযুক্ত সচিব আৰু প্ৰশাসকক এবছুৰ স্মাৰক পত্ৰ প্ৰদান

বুধবাৰে বিটিএডিৰ নৱ নিযুক্ত প্ৰধান সচিব সিদাৰ্থ সিঙ আৰু প্ৰশাসক ৰাজেশ প্ৰসাদক সাক্ষাৎ কৰি এবছুৱে দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ উক্ত স্মাৰক পত্ৰৰ জৰিয়তে সংগঠনটোৱে বিটিএডিত নিকা আৰু স্বচ্ছ শাসনৰ দাবী জনাইছে ৷

ABSU memorandum to btc chief secretary
বিটিএডিৰ নৱ নিযুক্ত সচিৱ আৰু প্ৰশাসকক এবছুৰ স্মাৰক পত্ৰ প্ৰদান

By

Published : May 6, 2020, 8:52 PM IST

কোকৰাঝাৰ, 6 মে' : লক্ ডাউনৰ সময়তে বিটিএডিত বিটিচি পৰিষদ ভংগ হোৱাৰ পাচত শাসনৰ বাঘজৰী ৰাজ্যপালৰ হাতলৈ অৰ্পণ কৰা হয় ৷ ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন হোৱাৰ পাচতে বিটিএডিত সৰৱ হৈ পৰিছে বিভিন্ন দল সংগঠন ৷

বুধবাৰে বিটিএডিৰ জাতীয় সংগঠন নিখিল বড়ো ছাত্ৰ সন্থাই বিটিচিৰ নৱ নিযুক্ত প্ৰধান সচিব সিদাৰ্থ সিঙ আৰু প্ৰশাসক ৰাজেশ প্ৰসাদক সাক্ষাৎ কৰি দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ এবছুৱে স্মাৰক পত্ৰত ৰাজ্যপালৰ শাসনৰ সময়তে বিটিএডিত সু-শাসন, নিকা আৰু স্বচ্ছ প্ৰশাসন ব্যৱস্থাৰ দাবী জনাইছে ৷

বিটিএডিৰ নৱ নিযুক্ত সচিৱ আৰু প্ৰশাসকক এবছুৰ স্মাৰক পত্ৰ প্ৰদান

আনকি প্ৰশাসক ৰাজেশ প্ৰসাদক বিটিএডিৰ চাৰিখন জিলাৰ মুখ্য সদৰ আৰু মহকুমা সদৰ পৰিদৰ্শন কৰি উন্নয়নমূলক কাম কাজ সুকলমে পৰিচালনা কৰাৰ বাবে আহ্বান জনায় ৷ লগতে সকলো চৰকাৰী আঁচনি সকলো স্তৰৰ ব্যক্তিক সমভাবে প্ৰদান কৰাৰ বাবে অনুৰোধ জনায় সংগঠনটোৱে ৷

লগতে পঢ়ক : বাইহাটা চাৰিআলিত উদ্ধাৰ মুকবধিৰ যুৱতী

ABOUT THE AUTHOR

...view details