অসম

assam

ETV Bharat / state

ABSU Protest in Kokrajhar : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবীত এবছুৰ প্ৰতিবাদী কাৰ্যসূচী

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত এবছুৰ প্ৰতিবাদী কাৰ্যসূচী ৷ অতিশীঘ্ৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিয়োগৰ দাবী এবছুৰ ৷ উপাচাৰ্যক অপসাৰণ নকৰা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ এবছুৰ ৷

ABSU Demands Removal of Bodoland University VC
এবছুৰ প্ৰতিবাদী কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 7:12 PM IST

উপাচাৰ্যক অপসাৰণৰ দাবীত এবছুৰ প্ৰতিবাদী কাৰ্যসূচী

কোকৰাঝাৰ, 31 আগষ্ট : এটাৰ পিছত আন এটা বিতৰ্কই লগ নেৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত পুনৰাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এবছুৱে ৷ বিভিন্ন দুৰ্নীতি, কেলেংকাৰীত জড়িত থকা বুলি অভিযোগ কৰি উপাচাৰ্য লাইশ্ৰম লাড্ডু সিঙক শীঘ্ৰেই অপসাৰণ কৰাৰ দাবীত এবছুৱে বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনৰ মূল দ্বাৰৰ সন্মুখত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মুখত ক'লা কাপোৰ পৰিধান কৰি আৰু হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰায় শতাধিক এবছু কৰ্মীয়ে বৃহস্পতিবাৰে মৌন প্ৰতিবাদ সাব্যস্ত কৰে ৷

কোকৰাঝাৰ জিলা এবছুৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি এবছুৰ কেন্দ্ৰীয় উপ-সভাপতি খৌৰৌমদাও ওৱাৰীয়ে অতি শীঘ্ৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণ কৰি আন এগৰাকী নতুন উপাচাৰ্য নিয়োগ কৰিবলৈ দাবী উত্থাপন কৰে ৷ বিভিন্ন কৰ্মকাণ্ড তথা দুৰ্নীতি আৰু অপৰাধজনিত গোচৰত নাম সাঙোৰ খাই পৰা উপাচাৰ্যগৰাকীক তীব্ৰ সমালোচনা কৰি এবছুৰ উপ-সভাপতি খৌৰৌমদাও ওৱাৰীৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিভিন্ন খেলিমেলিৰ তদন্ত কৰাৰ বাবে আচাৰ্য তথা ৰাজ্যপালে গঠন কৰি দিয়া তিনিজনীয়া কমিটিক লৈও অসন্তুষ্টি ব্যক্ত কৰে ৷

তিনিজনীয়া সমিতিয়ে কেতিয়া কি ৰিপৰ্ট দিব আমি নাজানো বুলি মন্তব্য কৰি খৌৰমদাও ওৱাৰীয়ে উপাচাৰ্য গৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক কোষে তদন্ত কৰি থকা গোচৰৰ চাৰ্জশ্বীট দিবলৈ দাবী উত্থাপন কৰিছে ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মান-মৰ্যদা, গৰিমা ঘূৰাই অনাৰ দাবী উত্থাপন কৰি এইক্ষেত্ৰত ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে নেতাজনে ৷ তদুপৰি উপাচাৰ্য গৰাকীক অপসাৰণ নকৰা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰিছে এবছুৰ উপ-সভাপতি খৌৰমদাও ওৱাৰীৱে ৷ আজিৰ ধৰ্ণা কাৰ্যসূচীত এবছুৰ জিলা সভাপতি কৃপেশ দৈমাৰী, সাধাৰণ সম্পাদক খাম্পা বসুমতাৰীৰ লগতে এবছুৰ আন নেৰ্তৃবৰ্গ উপস্থিত আছিল ৷

লগতে পঢ়ক :AJP Press Meet : বাজপেয়ী ভৱন এতিয়া দুৰ্নীতিৰ শ্বপিংমললৈ পৰ্যৱসিত হৈছে; লুৰীণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details