কোকৰাঝাৰ,১০ জুলাই : বিভিন্ন সমস্যাৰে জৰ্জৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত শুকুৰবাৰে এবছুৰ সভাপতি দ্বীপেন বড়োৰ নেতৃত্বত আঠজনীয়া প্ৰতিনিধি দল উপস্থিত হৈ বিশ্ববিদ্যালয়খনৰ সমস্যা সম্পৰ্কত উপাচাৰ্য এল এল সিঙৰ সতে এক বৈঠকত মিলিত হয় ।
বড়োলেণ্ড বিশ্ববিদ্যালয়ে ১২ বি ষ্টেটাছ পোৱা সত্বেও আন্তঃগাঁথনি , পৰ্যাপ্ত পৰিমানে শিক্ষক-কৰ্মচাৰী নথকাৰ বিষয়ে সদৰি কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে বিশ্ববিদ্যালয়খনত বাংলা, নেপালী আৰু হিন্দী বিষয়ত মাতৃভাষা পাঠ্যক্ৰম মুকলি কৰিবলৈ দাবী উত্থাপন কৰিছে ।