কোকৰাঝাৰ, 15 এপ্ৰিল : এবছুৰ উদ্যোগত সোমবাৰে কোকৰাঝাৰত উলহ মালহেৰে পালন কৰা হয় বৈশাগু উৎসৱ। কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত এবছুৰ উদ্যোগত অনুষ্ঠিত হোৱা বৈশাগু উৎসৱত এবছুৰ সভাপতি প্ৰমোদ বড়ো , ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মকে ধৰি অংশগ্ৰহণ কৰে বিভিন্ন লোকে ।
কোকৰাঝাৰত এবছুৰ বৈশাগু উদযাপন - kokrajhar
বিহুৰ বাবেই নিৰ্বাচনী প্ৰচাৰৰ পৰাও বিৰত উৰ্খাও গৌৰা ব্ৰহ্ম।
![কোকৰাঝাৰত এবছুৰ বৈশাগু উদযাপন](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3008926-thumbnail-3x2-absu.jpg)
কোকৰাঝাৰত এবছুৰ বৈশাগু উদযাপন
কোকৰাঝাৰত এবছুৰ বৈশাগু উদযাপন
বৈশাগু কাৰ্যসূচীৰ মাজতে সকলোলৈকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি ধনাত্মক ৰাজনৈতিক পৰিবৰ্তনৰ হকে মাত মাতে প্ৰমোদ বড়োই৷ আনহাতে ইউপিপিএলৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ময়ো বিহুৰ নামতে দুদিনকৈ নিৰ্বাচনী প্ৰচাৰৰ পৰা বিৰত থকা বুলি সদৰি কৰি কোকৰাঝাৰ লোকসভা সমষ্টিত তেওঁৰ বিজয়ক লৈ আশাবাদী বুলি মন্তব্য কৰে ।