কোকৰাঝাৰ ৩ আগষ্ট:কোকৰাঝাৰ বডোফা নগৰস্থিত বিটিআৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত বুধবাৰে বড়ো সাহিত্য সভা(Bodo Sahitya Sabha), এবছু(All Bodo Students Union) আৰু বিটিআৰ চৰকাৰৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়(ABSU BSS Delegation Meets with BTR CEM Pramod Boro) । উক্ত বৈঠকত বিটিআৰ চুক্তিৰ ৬.৩ দফাৰ অধীনত বিদ্যালয় প্ৰাদেশীকিকৰণ কৰা, টেট পৰীক্ষা অনুষ্ঠিত কৰা, বিদ্যালয়সমূহৰ একত্ৰীকৰণ আৰু তৃতীয় শ্ৰেণীৰ পৰাৰ গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী কৰা বিষয়ক লৈ আলোচনা কৰা হয় । বড়ো সাহিত্য সভাৰ প্ৰতিনিধি, এবছুৰ প্ৰতিনিধি, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো(BTR chief executive member Pramod Boro) আৰু বিভাগীয় উচ্চ পদস্থ বিষয়াসকলৰ উপস্থিতিত উক্ত বৈঠক সম্পন্ন হয় ।
ইপিনে, বৈঠকৰ অন্তত সন্ধিয়া বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো আৰু সম্পাদক প্ৰশান্ত বড়োৱে সংবাদমাধ্যমৰ আগত তৃতীয় শ্ৰেণীৰ পৰাৰ গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী কৰাৰ বিৰোধিতা কৰে । জাতি হিচাপে জীয়াই থাকিবলৈ হ'লে ভাষা লাগিব আৰু ভাষা জীয়াই থাকিব লাগিলে মাতৃভাষা মাধ্যম লাগিবই বুলি মন্তব্য কৰি মাতৃভাষা মাধ্যমত গুণগত শিক্ষা দিয়াৰ সলনি ইংৰাজী কৰিব বিচৰা কাৰ্যৰ ঘোৰ বিৰোধিতা কৰে ।
এনেকুৱা হ'লে বড়ো মাধ্যম বা অসমীয়া মাধ্যম তথা মাতৃভাষা মাধ্যমৰ শিক্ষা ব্যৱস্থা কিছুদিনৰ ভিতৰতে ধ্বংস হৈ যাব আৰু যিটো কেতিয়াও মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে বড়ো সাহিত্য সভাই ।