অসম

assam

ETV Bharat / state

লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত উত্তাল কোকৰাঝাৰ

ছাত্ৰ নেতা লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে চাৰিদফীয়া দাবীৰে এবিএমছুৰ ধৰ্ণাত উত্তাল কোকৰাঝাৰ (AAMSU protest in Kokrajhar) ৷ লাফিকুল ইছলামৰ হত্যাকাৰীক কৰায়ত্ত নকৰা পৰ্যন্ত এবিএমছু ক্ষান্ত নহয় বুলি হুংকাৰ সংগঠনটোৰ ৷ বিটিআৰ প্ৰধান প্ৰমোদ বড়োই বিটিআৰৰ ৩২ লক্ষ জনতাৰ আশা আকাংক্ষা পূৰণত ব্যৰ্থ হৈছে বুলি মন্তব্য এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনৰ ৷

By

Published : Aug 23, 2022, 11:01 PM IST

AAMSU protest in Kokrajhar
লাফিকুল ইছলামৰ ন্যায়ৰ দাবীত এবিএমছুৰ প্ৰতিবাদ

কোকৰাঝাৰ, ২৩ আগষ্ট :২০১৭ চনৰ ১ আগষ্টত আততায়ীৰ গুলীত নিহত হোৱা এবিএমছুৰ প্ৰয়াত নেতা শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ পাঁচবছৰ উকলি যোৱাৰ পিছতো হত্যাকাৰীক আজিলৈকে গ্ৰেপ্তাৰ নকৰাত জাঙুৰ খাই উঠিছে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছু (ABMSU protest demanding justice for Lafikul Islam) ৷

প্ৰয়াত লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা আৰু বিটিআৰৰ প্ৰতিটো ভূমিপট্টাহীন পৰিয়ালক ভূমিপট্টা প্ৰদান কৰাকে ধৰি কেইবা দফীয়া দাবীৰ সমৰ্থনত এবিএমছুৱে মঙলবাৰে কোকৰাঝাৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (AAMSU protest in Kokrajhar) ৷

লাফিকুল ইছলামৰ ন্যায়ৰ দাবীত এবিএমছুৰ প্ৰতিবাদ

এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত কোকৰাঝাৰ চহৰৰ শিশু উদ্যানত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

হাতে হাতে বেনাৰ, ফেষ্টুন লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা ছাত্ৰ সংগঠনটোৰ কেইবা শতাধিক নেতা কৰ্মীয়ে চাকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে (ABMSU demands justice for Lafiqul Islam) ৷ ইপিনে ধৰ্মঘট কাৰ্যসূচীৰ নেতৃত্ব দিয়া এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে লাফিকুল হত্যাকাৰীক কৰায়ত্ত নকৰা পৰ্যন্ত আৰু ভূমিহীনক ভূমিপট্টা প্ৰদান নকৰালৈ তেওঁলোক ক্ষান্ত নহয় ৷

লগতে পঢ়ক :লখিমপুৰ পৌৰসভাৰ বিৰুদ্ধে আছুৰ মানৱ শৃংখল

প্ৰয়োজনত আন্দোলন দিছপুৰৰ পৰা দিল্লীলৈ আগবঢ়াই নিয়াৰ হুংকাৰ দিয়ে ৷ ইতিমধ্যে এবিএমছুৱে অহা নৱেম্বৰ মাহত আন্দোলনৰ ৰণনীতি প্ৰস্তুত কৰা কথা সদৰী কৰি বিটিআৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰে বিটিআৰ চৰকাৰ ৩২ লাখ জনতাৰ আশা আকাংক্ষা পূৰণত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে ৷

অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত লাফিকুল হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা, বড়োভূমিত বিভিন্ন সময়ত গোষ্ঠীসংঘৰ্ষৰ বলি হোৱা পৰিয়ালক ক্ষতিপূৰণসহ পুনৰসংস্থাপন কৰা, বিটিআৰত ভূমিহীন পৰিয়ালক ভূমিৰ পট্টা প্ৰদান কৰা আৰু বিটিআৰ চুক্তিৰ ৬.৩ দফা অনুসৰি অপ্ৰাদেশিকত বিদ্যালয়ক প্ৰাদেশীকৰণ কৰাৰ দাবী সম্বলিত এক স্মাৰকপত্ৰ সংগঠনটোৱে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, এবিএমছুৰ মঙলবাৰে ধৰ্মঘটত সংগঠনটোৰ সহকাৰী সম্পাদক মইনুদ্দিন আলী আৰু সাংগঠনিক সম্পাদক জাইদুল ইছলাম উপস্থিত থাকে ৷

লগতে পঢ়ক :সাত দফীয়া দাবীপূৰণ বাবে মৰিগাঁৱত AMSU ৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details