কোকৰাঝাৰ, ২৫ ছেপ্টেম্বৰ :দৰং জিলাৰছিপাঝাৰৰ গৰুখুঁটিত অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰতিক্ৰিয়া স্বৰূপে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুই (ABMSU) ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে ৷
শুকুৰবাৰে এবিএমছুৱে বিটিআৰৰ চাৰি জিলাৰ দহটা মহকুমাত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ইয়াৰে অংশস্বৰূপে সংখ্যালঘু ছাত্ৰ সংগঠনটোৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত কোকৰাঝাৰৰ নিকটৱৰ্তী ভোটগাঁঁৱতো গণ বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা এবিএমছুৰ নেতা-কৰ্মীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma), বিজেপিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷