অসম

assam

ETV Bharat / state

চৰকাৰৰ জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত গ্ৰহণযোগ্য নহয়ঃ এবিএমছু - All BTC Minority Students' Union

চৰকাৰে যদি জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে তেন্তে ৰাজ্যখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকক সঠিক আৰু গুণগত শিক্ষাৰে শিক্ষিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তোলে

ৰাজ্য চৰকাৰৰ জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত গ্ৰহণযোগ্য নহয়ঃ এবিএমছু

By

Published : Oct 31, 2019, 9:48 PM IST

কোকৰাঝাৰ, 31 অক্টোবৰঃ "ৰাজ্য চৰকাৰৰ জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত গ্ৰহণযোগ্য নহয় ৷ কেৱল আইন প্ৰণয়ন কৰি বা চৰকাৰী আঁচনি সুবিধাৰ পৰা বঞ্চিত কৰাৰ ভয় দেখুৱাই জনসংখ্যা বৃদ্ধিৰ হাৰ কমোৱা বাস্তৱত সম্ভৱ নহয় ।" বৃহস্পতিবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰিলে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নুজৰুল ইছলামে ৷ লগতে সাধৰণ সম্পাদক গৰাকীয়ে কয়, চৰকাৰে যদি জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে তেন্তে ৰাজ্যখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকক সঠিক আৰু গুণগত শিক্ষাৰে শিক্ষিত কৰি তোলক ৷

ৰাজ্য চৰকাৰৰ জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত গ্ৰহণযোগ্য নহয়ঃ এবিএমছু

আনহাতে, ভূমিহীন খিলঞ্জীয়া লোকক ৰাজ্য চৰকাৰে তিনি বিঘা ভূমি প্ৰদান কৰাৰ সিদ্ধান্তক উল্লেখ কৰি কয় যে, কেৱল খিলঞ্জীয়া লোকহে ভূমি পাব বুলি কোৱাত ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে ৷ চৰকাৰৰ এই নতুন ভূমি নীতি কাৰ্যকৰী কৰাৰ পূৰ্বে খিলঞ্জীয়া শব্দৰ সৰ্বজন গ্ৰহণযোগ্য সংজ্ঞা স্পষ্টৰূপত নিৰ্ধাৰণ কৰক ৷

উল্লেখ্য যে, সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নুজৰুল ইছলামে কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ শৰণীয়াই সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাক ঢাল দৰে ব্যৱহাৰ কৰি আহিছে বুলিও বিৰ্তকিত মন্তব্য কৰে । আগন্তুক সময়ছোৱাত নৱ শৰণীয়াই বিটিএডিত বসবাস কৰা জনগোষ্ঠীক লৈ ৰাজনীতি নকৰি সমষ্টিৰ উন্নয়নত মনোযোগ দিয়াৰো দাবী জনায় ।

লগতে পঢ়কঃ- ৰাজ্যজুৰি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

ABOUT THE AUTHOR

...view details