এবিএমছুৰ তিনিদিনীয়া শ্বহীদ দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচী সম্পন্ন - আবু চৈয়দ আনচাৰি
কোকৰাঝাৰত এবিএমছুৰ শ্বহীদ দিৱস উদযাপন ৷ 21 ৰ পৰা 23 অক্টোবৰলৈ কোকৰাঝাৰৰ গৌৰাংছাত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত 9 তম শ্বহীদ দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচী সম্পন্ন ৷
কোকৰাঝাৰ, 21 অক্টোবৰঃ কোকৰাঝাৰত এবিএমছুৰ শ্বহীদ দিৱস উদযাপন ৷ 21 ৰ পৰা 23 অক্টোবৰলৈ কোকৰাঝাৰৰ গৌৰাংছাত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত 9 তম শ্বহীদ দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচী সম্পন্ন ৷ প্ৰথম দিনাৰ কাৰ্যসূচীত ৰাতিপুৱা পতাকা উত্তোলন কৰে এবিএমছুৰ কেন্দ্ৰীয় সভাপতি আবু চৈয়দ আনচাৰিয়ে ৷ এবিএমছুৰ কেন্দ্ৰীয় সভাপতিজনে শ্বহীদসকলৰ অৱদানক স্মৰণ কৰি চৰকাৰক জগৰীয়া কৰি কয় যে শ্বহীদ পৰিয়ালক এতিয়াও কোনোধৰণৰ সাহায্য প্ৰদান কৰা নাই ৷ অতি সোনকালে কোনো ব্যৱস্থা নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ৷ আনহাতে কোকৰাঝাৰ জিলা এবিএমছুৰ সভাপতি জৈদুল ইছলামে প্ৰাক্তন সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক আজিলৈকে চৰকাৰে শাস্তি নিদিয়াত অসম আৰু বিটিচি চৰকাৰক কঠোৰভাৱে সমালোচনা কৰে ৷