অসম

assam

ETV Bharat / state

লাফিকুলৰ হত্যাকাণ্ডৰ সমগ্ৰ তথ্য ৰাজহুৱা কৰিবলৈ CBI ক দাবী ABMSU ৰ - Lafikul Islam murder case

এ বি এমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক ২০১৭ চনৰ পহিলা আগষ্টত দিন-দুপৰতে অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল । এই ঘটনাই চাৰিবছৰ অতিক্ৰম কৰাৰ পাছত সোমবাৰে চি বি আইয়ে তিনি হত্যাকাৰীৰ নাম ঘোষণা কৰাৰ লগতে সন্ধান দিওতালৈ দুই লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰে ।

abmsu-central-committee-press-meet
লাফিকুলৰ হত্যাকাণ্ডৰ সমগ্ৰ তথ্য ৰাজহুৱা কৰিবলৈ CBI ক দাবী ABMSU ৰ

By

Published : Aug 3, 2021, 9:49 PM IST

কোকৰাঝাৰ, ৩ আগষ্ট : এ বি এমছু (ABMSU)ৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ সৈতে জড়িতৰ নাম আৰু পুৰস্কাৰ ঘোষণা কৰিলেই এ বি এমছু(ABMSU) শান্ত নহয় ৷ হত্যাকাণ্ডৰ আঁৰত প্ৰকৃততে কোন জড়িত সেয়া স্পষ্ট কৰিবলৈ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে ৷ উল্লেখ্য যে, সোমবাৰে দেশৰ অন্যতম তদন্তকাৰী সংস্থা চি বি আয়ে(CBI) লাফিকুল ইছলামৰ হত্যাকাণ্ডত জড়িত তিনি হত্যাকাৰীৰ নাম ঘোষণা কৰি হত্যাকাৰীৰ সন্ধান দিওতালৈ দুই লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰিছিল ।

মঙলবাৰে কোকৰাঝাৰৰ ভোটগাঁৱস্থিত এ বি এমছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি এ বি এমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক টাইছন হুছেইনে কয় যে, চিবিআইয়ে লাফিকুল হত্যাকাণ্ডৰ সৈতে জড়িত তিনিগৰাকীৰ নাম ঘোষণা কৰাৰ লগে লগে বি টি আৰ (BTR)ত ৰাজনৈতিক পট পৰিবৰ্তনৰ বাবেহে এনে হোৱা বুলি বিভিন্ন পক্ষই দাবী কৰিব বিচাৰিছে ৷

লাফিকুলৰ হত্যাকাণ্ডৰ সমগ্ৰ তথ্য ৰাজহুৱা কৰিবলৈ CBI ক দাবী ABMSU ৰ

এ বি এমছুয়ে নেভাবে যে এয়া ৰাজনৈতিক পট পৰিবৰ্তনৰ বাবে হৈছে ৷ বিগত চাৰিটা বছৰে গেথেলা মাৰি থকা বিষয় এটা কেনেকৈ হঠাৎ ৰাজহুৱা কৰিলে বুলি প্ৰশ্ল উত্থাপন কৰি হত্যাৰ আঁৰত থকা অদৃশ্য শক্তি আৰু ব্যক্তিৰ সন্ধান লাগিবই বুলি ছাত্ৰ নেতাগৰাকীয়ে দাবী জনাইছে ৷

তেওঁ লগতে লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ সমগ্ৰ তথ্য ৰাজহুৱা কৰিবলৈ চি বি আই(CBI) আৰু চৰকাৰক দাবী জনাই এ বি এমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে ৷ উল্লেখ্য যে, ২০১৭ চনৰ এক আগষ্টত সংঘটিত ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ সৈতে জড়িত বুলি যি তিনিগৰাকী ব্যক্তিৰ নাম চি বি আইয়ে ৰাজহুৱা কৰিছে উক্ত তিনিওজনে বিগত দুই-তিনি বছৰ ধৰি সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :লাফিকুলৰ হত্যাকাণ্ড : তিনি হত্যাকাৰীৰ নাম ঘোষণা CBI ৰ

ABOUT THE AUTHOR

...view details