কোকৰাঝাৰ, 26 জুনঃকোকৰাঝাৰ ছেৰফাংগুৰিৰ পৰা দুষ্কৃতিকাৰীয়ে প্ৰদীপ শিল নামৰ লোক জনক অপহৰণ কৰি নিয়াৰ 9 মাহ অতিক্ৰম কৰিলে ৷ কিন্তু আৰক্ষী-প্ৰশাসনে আজিকোপতি উলিওৱাব পৰা নাই কোনো শুংসূত্ৰ ৷ আৰক্ষীৰ বিফলতাৰ বাবে ক্ষুণ্ণ হৈ পৰিছে বিটিচি বেংগলী যুৱ ছাত্ৰ পৰিষদ নামৰ সংস্থাটো ৷ সেয়ে শুকুৰবাৰে এক সংবাদমেল আয়োজন কৰি লোক জনক উদ্ধাৰ কৰিবলৈ চৰকাৰক এসপ্তাহৰ সময়সীমা বান্ধি দিছে ৷
আনহাতে বিজেপি নেতৃত্বধীন ৰাজ্য চৰকাৰখনে হিন্দু বঙালী সকলৰ দৰদী দেখুৱাই প্ৰকৃততে হিন্দু বেংগুলি সম্প্ৰদায়ৰ শ শ লোকক সন্দেহজনক নাগৰিকৰ সৈতে ডিটেনশ্যন কেম্পত ৰাখি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে সংস্থাটোৱে ৷