কোকৰাঝাৰ,16 ডিচেম্বৰঃ সময়ৰ সোঁতত ম্লান হৈ পৰা নাই নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ ঠায়ে ঠায়ে ধৰাবাহিকভাৱে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ বিটিএডিতো চলিছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ ৷ কোকৰাঝাৰ জিলাত এই আইন বাতিলৰ দাবীত আছুৰ বিশাল মটৰ চাইকেল সমদলৰে উত্তাল সমগ্ৰ পৰিৱেশ ৷ আছুৰ প্ৰায় শতাধিক কৰ্মীয়ে ‘নাগৰিক সংশোধনী আইন বাতিল কৰক,এই বিধেয়ক আমি নামানো,জাতিদ্ৰোহী সৰ্বানন্দ সোণোৱাল,হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ,মুৰ্দাবাদ,বাংলাদেশী গ’বেক’ আদি বিভিন্ন শ্ল’গানেৰে কোকৰাঝাৰ চহৰৰ পৰা উলিয়াই এই প্ৰতিবাদী সমদল ৷
আছুৰ বিশাল বাইক ৰেলীয়ে কঁপালে বিটিএডি - কোকৰাঝাৰ চহৰ
বিটিএডিটো অব্যাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ ৷ কোকৰাঝাৰ চহৰত আছুৱে উলিয়ালে বিশাল বাইক ৰেলী ৷
![আছুৰ বিশাল বাইক ৰেলীয়ে কঁপালে বিটিএডি AASU bike rally in Kokrajhar against CAA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5391645-thumbnail-3x2-kok.jpg)
আছুৰ বিশাল বাইক ৰেলীয়ে কঁপালে বিটিএডি
আছুৰ বিশাল বাইক ৰেলীয়ে কঁপালে বিটিএডি
এই প্ৰতিবাদী সমদলত আছুৰ কেন্দ্ৰীয় নেতা নৱজ্যোতি ৰায় উপস্থিত থাকি নাগৰিক সংশোধনী আইন অসমে কোনোপধ্যে মানি নলয় আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক জাতিৰ বদন আখ্যা দিয়ে ৷ উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ অব্যাহত থকাৰ সমান্তৰালকৈ বিটিএডিৰ সদৰ কোকৰাঝাৰতো আছুৰ পৃষ্ঠপোষকত বৌদ্ধিক সমাজ,দল সংগঠন তথা ছাত্ৰ সমাজে ধৰ্ণা,গণ চিঞৰ আৰু বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে ৷