গোসাইগাওঁ ,১৩ মে': সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত তথা কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত সোমবাৰে দিনৰ ১১ বজাৰ পৰা ১ বজালৈকে বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয় চৌহদত এন আৰ চি আপত্তিৰ নামত মিছা আৰু ভুৱা ৰাইজক অযথা হাৰাশাস্তি কৰাৰ বিৰুদ্ধে ২ ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰাৰ লগতে গোসাইগাওঁ মহকুমাধিপতি কাৰ্যালয়ৰ DRCR মহোদয়লৈ এখন স্মাৰক-পত্ৰও প্ৰেৰণ কৰে।
এন আৰ চিৰ নামত ৰাইজক হাৰাশাস্তিৰ অভিযোগ আমছুৰ
এন আৰ চিৰ আপত্তিৰ নামত ৰাইজক অযথা হাৰাশাস্তি কৰাৰ বিৰুদ্ধে গোসাইগাঁও মহকুমাধিপতি কাৰ্যালয় চৌহদত আমছুৰ ২ ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী
কোকৰাঝাৰত এন আৰ চিৰ নামত ৰাইজক হাৰাশাস্তি কৰাৰ বিৰোধিতা আমছুৰ
উক্ত ধৰ্ণা কাৰ্যসূচীত কেন্দ্ৰীয় উপ সভাপতি ৰুফিকুল ইছলাম তথা সাংগাঠনিক সম্পাদক আনোৱাৰ হুছেইন আৰু জিলা আমছুৰ সভাপতি মাফুজ হোছেইনে মন্তব্য কৰি কয় যে প্ৰত্যেকে শুদ্ধ এন আৰ চি গ্ৰহণ কৰিব লাগে। লগতে শুদ্ধ এন আৰ চি গ্ৰহণ নহ'লে অনাগত দিনবোৰত আমছুৱে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে।