কোকৰাঝাৰ, 7 জুলাইঃ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও কান্দানা পাৰাস্থিত ডেজিগনেটেড শিবিৰত আদিবাসী কোব্ৰা মিলিটাৰী অৱ আছাম চমুকৈ (আকমা)ৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে ৷ চলিত বৰ্ষতে সংগঠনটোৰ লগতে আদিবাসী জনগোষ্ঠীৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সংগঠনটোৰ নেতৃবৰ্গই ৷
উল্লেখ্য যে, ১৯৯৬ চনত ১৫ মে’ত আৰম্ভ হোৱা আদিবাসী-বড়ো জনগোষ্ঠীৰ মাজত সংঘটিত ভয়াবহ গোষ্ঠী সংঘৰ্ষৰ সময়ত নিজৰ জাতিৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষাৰ বাবে একাংশ আদিবাসী যুৱকে হাতত অস্ত্ৰ তুলি লৈ 7 জুলাইত আদিবাসী কোব্ৰা মিলিটাৰী অৱ আছাম চমুকৈ (আকমা) নামৰ সশস্ত্ৰ সংগঠনটো গঠন কৰিছিল ৷ দীৰ্ঘদিন ধৰি আদিবাসী জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সশস্ত্ৰ সংগ্ৰাম চলোৱাৰ অন্তত ২০০৫ চনত যুদ্ধ বিৰতি ঘোষনা কৰি চৰকাৰৰ সৈতে শান্তি আলোচনা অব্যাহত ৰাখে সংগঠনটোৰ নেতৃত্বই ৷ কিন্তু চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈছে যদিও আজিলৈকে আদিবাসীৰ জলন্ত সমস্যাবোৰ সমাধান হোৱা নাই বুলি আজি আকমাৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত অভিযোগ উত্থাপন কৰে আকমাৰ নেতৃবৰ্গই ৷