কোকৰাঝাৰ,22 ডিচেম্বৰ: কোকৰাঝাৰৰ সেৰফাংগুৰিত শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে এবছুৰ 52 তম বাৰ্ষিক অধিৱেশন । সেৰফাংগুৰি কণকেশ্বৰ নাৰ্জাৰী জাওৰিখং ফৌখাৰত অনুষ্ঠিত অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে দেওবাৰে পুৱাই পতাকা উত্তোলন কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ।
কোকৰাঝাৰত এবছুৰ 52 তম বাৰ্ষিক অধিৱেশন - এবছুৰ 52 তম বাৰ্ষিক অধিবেশন
কোকৰাঝাৰৰ সেৰফাংগুৰিত অনুষ্ঠিত হৈছে এবছুৰ 52 তম বাৰ্ষিক অধিৱেশন । অধিৱেশৰ পতাকা উত্তোলন কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ।

পতাকা উত্তোলন কৰাৰ পাছতে বড়ো জাতিৰ ভাষা, ভূমি, সাহিত্য-সংস্কৃতি জীয়াই থকাৰ বাবে সুকীয়া বড়ো ৰাজ্য গঠনৰ দাবী অব্যাহত থাকিব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে । ইয়াৰ উপৰিও এবছুৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে যে, অসমৰ জনগোষ্ঠীয় ভাষা, সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত চৰকাৰ বৃহৎ ভূমিকা আছে কিন্তু বৰ্তমান সময়ত চৰকাৰে অসমৰ খিলঞ্জীয়া জাতিৰ ভাষা, সংস্কৃতি সংৰক্ষণ তথা উন্নয়ন কৰাত সদায় হেমাহি কৰিছে । যাৰফলত অসম খনত নিজৰ অধিকাৰৰ বাবে খিলঞ্জীয়াই সংগ্ৰাম কৰিব লগা হৈছে । লগতে অসমৰ সমূহ জাতি জনগোষ্ঠীৰে সমানে উন্নয়ন হোৱাটো এবছুৱে আদৰণি জনাই বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে ।
আনহাতে বৰ্তমান ৰাজ্যখনত অব্যাহত থকা নাগৰিকত্ব সংশোধনী আইন ২০১৯, বিৰোধী প্ৰতিবাদ সম্পৰ্কতো নিজৰ স্থিতি স্পষ্ট কৰে সভাপতি গৰাকীয়ে। নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদলৈ এবছুৰ নৈতিক সমৰ্থন আছে আৰু সদায় ইয়াৰ বিৰোধ কৰি যাম বুলি মন্তব্য কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ।
TAGGED:
এবছুৰ 52 তম বাৰ্ষিক অধিবেশন