অসম

assam

ETV Bharat / state

পশুপালনেৰে স্ব-নিৰ্ভৰশীল কোকৰাঝাৰৰ এজন যুৱক - স্বাৱলম্বীতা

পশুপালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন দেখুৱাইছে কোকৰাঝাৰৰ এজন যুৱকে৷ চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি নাখাই পশুপালন কৰি মাহত 45000 ৰ পৰা 50000 টকা পৰ্যন্ত উপাৰ্জন কৰে ৰাহুল নাৰ্জাৰী নামৰ এইজন যুৱকে৷

পশুপালনেৰে স্বাৱলম্বী কোকৰাঝাৰৰ এজন যুৱক

By

Published : Sep 11, 2019, 6:18 PM IST

কোকৰাঝাৰ, 11 চেপ্তেম্বৰ: পশুপালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন দেখুৱাইছে কোকৰাঝাৰৰ এজন যুৱকে৷ যি সময়ত কৰ্মসংস্থাপনৰ বাবে ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক বহিঃৰাজ্যলৈ গমন কৰিছে, সেই সময়তে এজন যুৱকে দেখুৱাইছে নিদৰ্শন।

পশুপালনেৰে স্বাৱলম্বী কোকৰাঝাৰৰ এজন যুৱক

চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি নাখাই পশুপালন কৰি মাহত 45000 ৰ পৰা 50000 টকা পৰ্যন্ত উপাৰ্জন কৰে ৰাহুল নাৰ্জাৰী নামৰ এইজন যুৱকে৷

কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় পাঁচ কি.মি. নিলগত থকা জানাগাঁৱৰ বাসিন্দা ৰাহুল নাৰ্জাৰী৷ শিক্ষিত যুৱকজনে পশুপালনৰ মাধ্যমেৰে কেৱল স্ব-নিৰ্ভৰশীল হোৱাই নহয় আন আন নিৱনুৱাসকলকো স্বাৱলম্বীতাৰ পথ দেখুৱাইছে৷ দুজন নিৱনুৱা যুৱকক নিজৰ ফাৰ্মত কৰ্মসংস্থাপনো দিছে ৰাহুল নাৰ্জাৰীয়ে৷

চৰকাৰী চাকৰি বা আঁচনিলৈ ৰৈ নাথাকি নিজকে স্বাৱলম্বী কৰাৰ সপোনৰে ২০১৭ৰ পৰা ৰাহুল নাৰ্জাৰীয়ে আৰম্ভ কৰিছিল এই ফাৰ্মখন৷ এতিয়া স্ব-নিৰ্ভৰশীল হোৱাৰ লগতে নতুন প্ৰজন্মকো পশুপালনেৰে স্বাৱলম্বীতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে ৰাহুল নাৰ্জাৰীয়ে৷

ABOUT THE AUTHOR

...view details