কোকৰাঝাৰ, 13 অক্টোবৰ: সৃজনীশীলতাৰ পৰিচয় দাঙি ধৰা এগৰাকী যুৱক ৷ যাৰ উদ্ভৱনী শক্তিয়ে ফেৰ মাৰিছে আধুনিক প্ৰযুক্তিৰ সৈতে ৷ কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমৰ নিকটৱৰ্তী মুখীগাঁৱৰ এগৰাকী প্ৰতিভাৱান যুৱকে নিজ পৰিকল্পনাৰে সাজি উলিয়াইছে এখন অত্যাধুনিক ড্ৰ'ন ৷ কেৰুৰাম ৰায় আৰু উৰ্মিলা ৰায়ৰ একমাত্ৰ সন্তান ২২ বছৰীয়া খৰ্গেশ্বৰ ৰায়ে কোকৰাঝাৰস্থিত কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৰা 'ইলেকট্ৰ’নিকছ এণ্ড টেলি কমিউনিকেশ্যন’ বিষয়ত অভিযান্ত্ৰিক ডিপ্ল'মা গ্ৰহণ কৰে ৷ তেওঁ জানিবলৈ দিয়া অনুসৰি,ড্ৰ'ন নিৰ্মাণৰ উদ্দেশ্যে থকা তেওঁৰ পৰিকল্পনা আজিৰ নহয় ৷ মাথো অভাৱ আছিল সময়ৰ ৷ যাৰ বাবে তেওঁ লক ডাউনৰ বাবে পোৱা সময়ৰ সদব্যৱহাৰ কৰি ড্ৰ'নখন সাজি উলিয়াবলৈ সক্ষম হয় ৷
কোকৰাঝাৰত যুৱকে সাজি উলিয়ালে অত্যাধুনিক ড্ৰ'ন
কোকৰাঝাৰৰ এগৰাকী যুৱকে ফেৰ মাৰিছে আধুনিক প্ৰযুক্তিৰ সৈতে ৷ খৰ্গেশ্বৰ ৰায় নামৰ যুৱকগৰাকীৰ উদ্ভাৱনী শক্তিয়ে প্ৰাণ পাই উঠিছে এখন ড্ৰ'নৰৰ আকাৰত ৷ সম্পূৰ্ণ নিজা পৰিকল্পনাৰে যুৱক গৰাকীয়ে সাজি উলিয়াইছে এখন অত্যাধুনিক ড্ৰ'ন ৷
যুৱকগৰাকী ড্ৰ'ন নিৰ্মাণৰ বাবে ইমানেই আগ্ৰহী আছিল যে,তেওঁ ড্ৰ'ন নিৰ্মাণৰ বাবে যাৱতীয় প্ৰায় আটাইখিনি সামগ্ৰী ক্ৰয় কৰি প্ৰগ্ৰেমিং আৰু ছফ্টৱেৰৰ সকলো কাৰিকৰী কৌশল খটুৱাই উন্নতমানৰ ড্ৰ'ন খন সাজি উলিয়াইছে ৷ সম্প্ৰতি ড্ৰ'ন খনত কেমেৰাটো লগাবলৈ বাকী আছে যদিও,অতি শীঘ্ৰেই তেওঁ সেই ড্ৰ'নখনত কেমেৰা সংস্থাপন কৰিব বুলি জনায় ৷ তেওঁ জানিবলৈ দিয়া মতে, কেমেৰাটো সংযোগ কৰাৰ পাচত সেই ড্ৰ'নখনে লাভ কৰিব পূৰ্ণতা ৷ যাৰ দ্বাৰা দৃশ্যগ্ৰহণৰ লগতে সম্পাদনাও কৰিব পৰা যাব বুলি তেওঁ জনায় ৷ আনহাতে তেওঁৰ ভৱিষ্যৎ পৰিকল্পনা অনুসৰি,সেই ড্ৰ'ন খনক তেওঁ বৰ্তমানতকৈয়ো অধিক উন্নত কৰিব ৷ যিয়ে বহু অত্যাধুনিক কৰ্ম সম্পাদন কৰাত সফল হ'ব বুলি আশাবাদী উদ্যমী যুৱকগৰাকী ৷
লগতে পঢ়ক:তথ্য জনাৰ অধিকাৰ আইন