কোকৰাঝাৰ, 8 জানুৱাৰী : কোকৰাঝাৰৰ ৰয়নাডাব্ৰীস্থিত চৰকাৰী এড়ী ফাৰ্মত বুধবাৰে উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ ৷ ৰয়নাডাব্ৰীত ১৯৭৩-৭৪ চনতে স্থাপিত হোৱা এড়ী কনচেনট্ৰেট ফাৰ্মৰ এডাল গছত চিপজৰী লৈ থকা অৱস্থাত উদ্ধাৰ হয় যুৱতী গৰাকীৰ মৃতদেহ ৷ বৰ্তমানলৈকে চিনাক্ত হোৱা নাই যুৱতীগৰাকীৰ পৰিচয় ৷ উক্ত ঘটনাই সমগ্ৰ অঞ্চলত এক ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । কোকৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেশ বৰ্মনৰ নেৰ্তৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। প্ৰাথমিক তদন্ত মৰ্মে কোনো দুষ্কৃতিকাৰীয়ে হত্যাকাণ্ড সংঘটিত কৰি গছত ওলোমাই থোৱাৰ আশাংকা প্ৰকাশ কৰে আৰু মৰণোত্তৰ পৰীক্ষাতহে প্ৰকৃত তথ্য বাহিৰ হ'ব বুলি মন্তব্য কৰে কোকৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ৷ আনহাতে স্থানীয় গাঁওৱাসীয়ে চৰকাৰী এড়ী ফাৰ্মখনত নিৰাপত্তাৰক্ষীকে ধৰি আন কোনো কৰ্মচাৰী নথকাৰ সুযোগ গ্ৰহণ কৰিয়ে দুষ্কৃতিকাৰীয়ে অপৰাধজনিত কাৰ্য সংঘটিত কৰে বুলি মত প্ৰকাশ কৰে ।
কোকৰাঝাৰ চৰকাৰী এড়ী ফাৰ্মত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ - deadbody recover at kokrajhar government cericulture
বুধবাৰে কোকৰাঝাৰৰ ৰয়নাডাব্ৰী চৰকাৰী এড়ী ফাৰ্মত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হয়। কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি গছত ওলোমাই থোৱাৰ আশংকা প্ৰকাশ কৰে কোকৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেশ বৰ্মনে ৷ আনহাতে চৰকাৰী এড়ী ফাৰ্মখনত নিৰাপত্তাৰক্ষীকে ধৰি আন কোনো কৰ্মচাৰী নথকাৰ সুযোগ গ্ৰহণ কৰিয়ে দুষ্কৃতিকাৰীয়ে অপকাণ্ড সংঘটিত কৰে বুলি মত প্ৰকাশ কৰে স্থানীয় গাঁওবাসীয়ে ।
![কোকৰাঝাৰ চৰকাৰী এড়ী ফাৰ্মত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ deadbody recover at kokrajhar government cericulture](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5638671-thumbnail-3x2-jhjhj.jpg)
কোকৰাঝাৰ চৰকাৰী এড়ী ফাৰ্মত যুৱতীৰ মৃতদেহ উদ্ধাৰ