অসম

assam

ETV Bharat / state

পৰ্যটনৰ সম্ভাৱনাৰে পুষ্ট বগৰীবাৰীৰ মা মহামায়া ধাম - জমিদাৰী প্ৰথা

লোকবিশ্বাস অনুসৰি ভাৰতবৰ্ষৰ 52 খন শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে এই মহামায়া মন্দিৰ ৷ 1449 শকাব্দত দেশৰ প্ৰান্তে প্ৰান্তে জমিদাৰী প্ৰথাৰ প্ৰচলন থকা সময়ৰ পৰাই হিন্দুধৰ্মীয় লোকসকলে দেৱীৰ বেদীত আগবঢ়াই আহিছিল ফলমূল-নৈবেদ্য ৷ অসমৰ উপৰিও বাংলাদেশ, নেপাল, ম্যানমাৰ, কলিকতা, উৰিষ্যা আদি দেশ-বিদেশৰ ভক্ত আৰু পৰ্যটকৰ মিলনভূমি এইখন ঐতিহ্যপূৰ্ণ শক্তিপীঠ ৷

A soft story on mahamaya temple dhubri kokrajhar assam etv bharat news
মা মহামায়া ধাম

By

Published : Aug 24, 2020, 6:46 PM IST

কোকৰাঝাৰ,24 আগষ্ট: এইখন অসমতে আছে বহু শতিকা গৰকা এখন ঐতিহ্যপূৰ্ণ শক্তিপীঠ ৷ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ আস্থা আৰু বিশ্বাসৰ স্থলী হিচাপে পৰিচিত শক্তিপীঠখন হৈছে ধুবুৰী জিলাৰ ঐতিহাসিক বগৰীবাৰী মাঁ মহামায়া ধাম ৷ নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুুৰী জিলাৰ সীমান্তৱৰ্তী পৰ্বতঝোৰা বনাঞ্চলৰ পাহাৰত অৱস্থিত এই মন্দিৰ অতীতৰে পৰা ভক্তসকলৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু ৷ কোকৰাঝাৰ জিলাৰ সদৰৰ পৰা প্ৰায় 40 কিল’মিটাৰ দূৰত্বত অৱস্থিত এই মন্দিৰলৈ পূজা-অৰ্চনা আৰু দৰ্শন কৰিবলৈ প্ৰতিদিনে আগমন ঘটে শতাধিক ভক্তৰ ৷

মা মহামায়া ধামৰ প্ৰৱেশদ্বাৰ

লোকবিশ্বাস অনুসৰি ভাৰতবৰ্ষৰ 52 খন শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে এই মহামায়া মন্দিৰ ৷ 1449 শকাব্দত দেশৰ প্ৰান্তে প্ৰান্তে জমিদাৰী প্ৰথাৰ প্ৰচলন থকা সময়ৰ পৰাই হিন্দুধৰ্মীয় লোকসকলে দেৱীৰ বেদীত আগবঢ়াই আহিছিল ফলমূল-নৈবেদ্য ৷ অসমৰ উপৰিও বাংলাদেশ, নেপাল, ম্যানমাৰ, কলিকতা, উৰিষ্যা আদি দেশ-বিদেশৰ ভক্ত আৰু পৰ্যটকৰ মিলনভূমি এইখন ঐতিহ্যপূৰ্ণ শক্তিপীঠ ৷

পৰ্যটনৰ সম্ভাৱনা পুষ্ট মহামায়া ধাম

লক্ষণীয় বিষয়, দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগমেৰে মুখৰিত হৈ থকা এই মহামায় ধামৰ বাবে কোনো আঁচনি গ্ৰহণ কৰা নাই বিটিচি নাইবা অসম চৰকাৰৰ পৰ্যটন বিভাগে ৷ এই শক্তিপীঠখনক পৰ্যটনস্থলী হিচাপে গঢ় দিবলৈ সম্প্ৰতি চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে চাওকঃমুকলি হ'ল মহানগৰীৰ বহু প্ৰত্যাশিত ৰোপৱে’ সেৱা

ABOUT THE AUTHOR

...view details