অসম

assam

ETV Bharat / state

অন্ধবিশ্বাস আৰু কুসংস্কাৰে গ্ৰাস কৰা এখন সমাজ

অন্ধবিশ্বাসৰ কৱলত পৰি সমাজৰ পৰা এঘৰীয়া কৰাৰ লগতে গাঁও এৰিবলৈ নিৰ্দেশ এটি পৰিয়ালক ৷ কোকৰাঝাৰ জিলাৰ জোৰনাগৰা গাঁৱৰ ভদ্ৰেশ্বৰ ৰাভাৰ পৰিয়ালৰ সৈতে সংঘটিত হৈছে এই ঘটনা ৷

By

Published : Aug 10, 2019, 12:49 PM IST

অন্ধবিশ্বাস আৰু কুসংস্কাৰে গ্ৰাস কৰা এখন সমাজ

কোকৰাঝাৰ, 10 আগষ্টঃ কোকৰাঝাৰত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কৱলত পৰি সমাজৰ পৰা এঘৰীয়া কৰা হয় এটি পৰিয়ালক ৷ জিলাখনৰ জোৰনাগৰা গাঁৱৰ ভদ্ৰেশ্বৰ ৰাভাৰ পৰিয়ালৰ সৈতে সংঘটিত হৈছে এই ঘটনা ৷ গাঁৱবাসীৰ ষড়যন্ত্ৰৰ বলি হৈ মাটি সম্পত্তি বিক্ৰী কৰি অন্য ঠাইলৈ যাৱলৈ ওলাইছে পৰিয়ালটো ৷ আনহাতে অন্য কোনো লোকে ৰাভাৰ পৰিয়ালৰ সৈতে সম্পৰ্ক ৰাখিলে 50 হাজাৰ টকাৰ জৰিমনাৰ বিধান দিয়ে গাঁৱবাসীয়ে ৷ ঘটনাৰ বিষয়ে গম পাই ৰাভাৰ ঘৰত উপস্থিত হয় কোকৰাঝাৰ আৰক্ষীৰ এটা দল ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

অন্ধবিশ্বাস আৰু কুসংস্কাৰে গ্ৰাস কৰা এখন সমাজ

ABOUT THE AUTHOR

...view details