জাপানীজ এনকেফেলাইটিছত পুনৰ মৃত্যু এটি শিশুৰ - আফছিনা খাতুন
কোকৰাঝাৰত জাপানীজ এনকেফেলাইটিছত মৃত্যু আফছিনা খাতুন নামৰ এটি শিশু

জাপানিছ এনকেফেলাইটিছত পুনৰ মৃত্যু এটি শিশু
কোকৰাঝাৰ, 7 আগষ্ট : কোকৰাঝাৰত জাপানীজ এনকেফেলাইটিছত পুনৰ এজনৰ মৃত্যু। কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ ২নং চৌটাকীৰ মজিদ আলীৰ কন্যা আফছিনা খাতুন জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ বঙাইগাঁওৰ ব্যাক্তিগত খণ্ডৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও ক্ৰমান্বয়ে অৱস্থা গুৰুতৰ হোৱাত জিএমচিত ভৰ্তি কৰে। কিন্তু বুধবাৰে জিএম চি এইচত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় আফছিনা খাতুনৰ ৷ কোকৰাঝাৰত জাপানীজ এনকেফেলাইটিছ ৰোগত মৃতকৰ সংখ্যা বৰ্তমান তিনিজনলৈ বৃদ্ধি ৷