কোকৰাঝাৰ, ২০ জুলাই :প্ৰেমত পৰাৰ সন্দেহতে এগৰাকী নাবালিকাক (minor girl) অভিভাৱকে গালি-শপনি পৰাৰ লগতে ধমকি দিয়াত অৱশেষত ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰিছিল ৷ সম্প্ৰতি এই ঘটনাটোৱে কোকৰাঝাৰত (Kokrajhar) তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ উল্লেখযোগ্য যে, ঘটনাটো সংঘটিত হৈছে কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত টিলাপাৰা অঞ্চলত ৷
তথ্য অনুসৰি, এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী নাবালিকাগৰাকীয়ে জেঠায়েকৰ ঘৰতে থাকি পঢ়া-শুনা কৰিছিল ৷ অভিভাৱকে প্ৰেমত পৰাৰ সন্দেহত গালি-শপনি পৰাত জেঠায়েকৰ ঘৰতে আত্মহত্যা কৰিছিল । ইপিনে পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা মতে, কালি অৰ্থাৎ সোমবাৰে নাবালিকাগৰাকীয়ে এগৰাকী বিশেষ ধৰ্মাৱলম্বী সম্প্ৰদায়ৰ এজন লৰাৰ লগত নিৰ্জন ঠাইত কথা পাতি আছিল । তাৰপাচতে স্থানীয় লোকে দুয়োকে দেখি গালি-শপনি আৰু ধমকি দি সেই স্থানৰ পাৰ ঘৰলৈ যাবলৈ দিছিল ৷ সেই অনুসৰিয়ে নাবালিকা গৰাকী প্ৰথমতে সম্পৰ্কীয় এঘৰলৈ যায় আৰু সন্ধিয়া হোৱাত জেঠায়েকৰ ঘৰলৈ উভতি আহে ।
আনহাতে, সোমবাৰে নিশা যেতিয়া নাবালিকা ছোৱালীজনী ঘৰত শুই আছিল ৷ সেই সময়তে নাবালিকা গৰাকীৰ মাতৃ সহিতে আন একাংশ আত্মীয়ই জেঠায়েকৰ চোতালত গোট খাই দিনৰ ঘটনাটোৰ সন্দৰ্ভত আলোচনা কৰি আছিল । তাৰপাচতে নাবালিকাগৰাকীক কোনোবা এগৰাকীয়ে মাতিছিল যদিও নাবালিকাগৰাকীয়ে কোনো ধৰণৰ উত্তৰ দিয়া নাছিল ৷