কোকৰাঝাৰত দলবদ্ধ প্ৰহাৰত গুৰুতৰভাৱে আহত যুৱক - কোকৰাঝাৰত দলবদ্ধ প্ৰহাৰত গুৰুতৰভাৱে আহত যুৱক
কোকৰাঝাৰত সংঘটিত দলবদ্ধ প্ৰহাৰৰ ঘটনা ৷ এচাম উন্মত্ত জনতাৰ প্ৰহাৰত সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি ভুক্তভেগী যুৱক ৷
কোকৰাঝাৰ,28 ছেপ্টেম্বৰঃ দেশত শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰা দলবদ্ধ প্ৰহাৰৰ ঘটনাৰ মাজতে কোকৰাঝাৰত একাংশ উন্মত্তলোকে সন্ত্ৰাস সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ শনিবাৰে ৰাতিপুৱা কোকৰাঝাৰ চহৰৰ হাদানপাৰাত এজন যুৱকক উন্মাদ জনতাই বিদ্যুতৰ খুটাত বান্ধি বেয়াকৈ প্ৰহাৰ কৰাত যুৱকজন সম্প্ৰতি সংকটজনক অৱস্থাত কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি হৈ আছে ৷ যুৱকজনৰ নাম আমিনুল শ্বেখ আৰু তেওঁৰ ঘৰ দাৱৰাই ঘাটত বুলি জানিব পৰা গৈছে ৷ তথ্যনুসৰি যুৱকজনে ৰাতিপুৱা হাদানপাৰত ৰাজমিস্ত্ৰিৰ কাম কৰিবলৈ আহিছিল ৷ সেইসময়তে এদল উন্মত্তই যুৱকগৰাকীক বিদ্যুতৰ খুটাত বান্ধি বহু সময় ধৰি উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ ফলত যুৱকজনৰ মূৰ ফালি যোৱাৰ উপৰিও পেট,পিঠি আৰু ভৰিত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ৷ এই ঘটনাই চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে দিনে নিশাই কোকৰাঝাৰ চহৰত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা সত্তেও কেনেকৈ এচাম উন্মাদ লোকে আইন হাতত তুলি লৈ এজন যুৱকক মুকলিকৈ প্ৰহাৰ কৰিব পাৰে তাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনহাতে উক্ত ঘটনাৰ তীব্ৰ গৰিহণা দি ২৪ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰিবলৈ দাবী উত্থাপন কৰিছে এবিএমছুৰ কোকৰাঝাৰ জিলা সভাপতি জাইদুল ইছলামে ৷