অসম

assam

Weapons rescued: কোকৰাঝাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

By

Published : Apr 11, 2022, 5:05 PM IST

কোকৰাঝাৰত পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ (Weapons rescued in Kokrajhar)। কোকৰাঝাৰ আৰক্ষীয়ে উল্টাপানী বনাঞ্চলৰ দুঠাইত পৃথকে পৃথকে অভিযান চলাই মাটিৰ তলত প্লাষ্টিকেৰে মেৰিয়াই থোৱা অৱস্থাত অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বিটিআৰত পুনৰ আন এক অজ্ঞাত সশস্ত্ৰ সংগঠন সক্ৰিয় হোৱাৰ সন্দেহ ৷

Weapons rescued in Kokrajhar
কোকৰাঝাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

কোকৰাঝাৰ, ১১ এপ্ৰিল : কোকৰাঝাৰত পুনৰ উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ (Arms and ammunitions rescued in Kokrajhar)। বিগত দুদিন ধৰি জিলা খনৰ ভাৰত -ভূটান সীমান্তৰ উল্টাপানী বনাঞ্চলত চলা আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় অস্ত্ৰ-শস্ত্ৰ খিনি । কোকৰাঝাৰ আৰক্ষীয়ে উল্টাপানী বনাঞ্চলৰ শিলিখাগুৰীৰ দুঠাইত পৃথকে পৃথকে অভিযান চলাই মাটিৰ তলত প্লাষ্টিকেৰে মেৰিয়াই থোৱা অৱস্থাত অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Illegal arms in BTR) ৷

উদ্ধাৰকৃত অস্ত্ৰ-শস্ত্ৰসমূহৰ ভিতৰত আছে ৪ টা AK-47 ৰাইফল, এটা M-16 ৰাইফল, এটা স্নাইপাৰ ৰাইফল, এটা চীনত নিৰ্মিত চেৰ্লী ৰাইফল, মেগজিন ৫ টা আৰু ১৩০ জাঁই সজীৱ গুলী । কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সোমবাৰে আয়োজিত এক সংবাদমেলত অসম আৰক্ষীৰ বিশেষ ডিজিপি তথা বিটিআৰৰ আইজিপি ড৹ এল আৰ বিষ্ণৈয়ে এই বিষয়ে সদৰী কৰে ৷

কোকৰাঝাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

এই সন্দৰ্ভত শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে আৰু সদৰী কৰা মতে দুঠাইত চলা অভিযানৰ এটা অভিযানৰ নেতৃত্ব দিছিল আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবে আৰু আনটো অভিযানৰ নেতৃত্ব দিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে (Kokrajha ploce operation against illegal arms)।

উদ্ধাৰকৃত আগ্নেয়াস্ত্ৰখিনি প্ৰাক্তন এনএলএফবিৰ(National Liberation Front of Bodoland) পৰা ফালৰি কাটি যোৱা তথা নতুনকৈ খোলা সংগঠনৰ বুলি সন্দেহ প্ৰকাশ কৰিছে আইজিপি ড৹ এল আৰ বিষ্ণৈয়ে । সংবাদমেলত জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুৱে আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ উপস্থিত আছিল ৷

লগতে পঢ়ক:পাকে টাইগাৰ ৰিজাৰ্ভত কেন্দ্ৰীয় বনমন্ত্ৰীৰ হাতত ৮২ টা এয়াৰ গান সমৰ্পণ

ABOUT THE AUTHOR

...view details