কোকৰাঝাৰ, 18 আগষ্ট : কোকৰাঝাৰ জিলাৰ উল্টাপানী বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ কৰা ঘটনাত জড়িত আঠজন লোকক আটক কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে ৷ আটকাধীন আটাইকেইজন 2 নং উল্টাপানীৰ বাসিন্দা ক্ৰমে বেথাল বাসুমতাৰী, মানুষ বাসুমতাৰী, জাৰাং নাৰ্জাৰী, বিছনতা বাসুমতাৰী, ৰঞ্জিত বাসুমতাৰী, বিড়ছেন বাসুমতাৰী, ৰণবীৰ বাসুমতাৰী আৰু ৰমেশ টেৰকী বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ আটকাধীন কেইজনক নিজৰ জিম্মাত লৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
উল্টাপানী বনবিভাগৰ কাৰ্যালয়ত আক্ৰমণৰ লগত জড়িত 8 জনক আটক - উল্টাপানী বনবিভাগ
আটকাধীন কেইজনকে নিজৰ জিম্মাত লৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
উল্টাপানী বনবিভাগৰ কাৰ্যালয়ত আক্ৰমণ কৰা 8 গৰাকীক আটক
উল্লেখ্য যে, বনবিভাগে সোমবাৰে নিশা কাঠফলা মেচিনৰ সৈতে দুজন অবৈধ কাঠ সৰবৰাহকাৰীক আটক কৰা পিছতে প্ৰায় 60/70 জনীয়া এটা দলে বনবিভাগৰ কাৰ্যালয়ত আক্ৰমন চলাইছিল ৷ আক্ৰমণকাৰী দলটোৱে ভাঙি চুৰ্ণ-বিচুৰ্ণ কৰিছিল বনবিভাগৰ ৰেঞ্জাৰৰ বলেৰ', কাৰ্যালয়টোৰ কেইবাখনো গাড়ীৰ লগতে বহু কেইখন মটৰচাইকেল ৷ লগতে ধ্বংস কৰিছিল কাৰ্যালয়ৰ ভিতৰত থকা সকলো বস্তু ৷
লগতে পঢ়কঃ বাঘজানৰ জুই নিৰ্বাপনত পুনৰ বিফল বিশেষজ্ঞৰ দল